logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

বটদ্ৰৱা শ্ৰীশ্ৰীশংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰস্তাৱিত মডেল স্কুলৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভণি

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰস্তাৱিত মডেল স্কুলৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভণি

নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি প্ৰস্তাৱিত মডেল স্কুলৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভনি অনুষ্ঠান অনুষ্ঠিত হয়। গায়ন বায়ন আৰু মংগল উৰুলিৰ মাজেৰে মডেল স্কুলৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰে নগাঁও-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভৰ পাছত অনুষ্ঠিত সভাত বিধায়ক ৰূপক শৰ্মাই ভাষণ প্ৰসংগত কয় যে"মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাৰ নামত প্ৰতিষ্ঠা লাভ কৰা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ আৰম্ভ হ'বলগীয়া মডেল স্কুল খনৰ পৰা গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ ভবিষ্যত উজ্বল হ'ব। শিক্ষক শিক্ষয়িত্ৰী সকলকো নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰি অঞ্চলটোৰ নৱপ্ৰজন্মক পোহৰ দেখুৱাবলৈ" আহ্বান জনাই।
আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰ চিন্ময় দেৱ গোস্বামীয়ে। আদৰনি ভাষণ প্ৰদান কৰে অধ্যক্ষ অনিল শইকীয়াই। বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উপেন চন্দ্ৰ কলিতা(বায়ন), বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, সমাজকৰ্মী ইন্দ্ৰমোহন বৰুৱাকে আদি কৰি কেইবাগৰাকী অতিথি, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে । অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় শিক্ষক দিপাংক গিৰি দেৱ গোস্বামীয়ে।

138
9966 views

Comment