logo

গুৱাহাটী মহানগৰীত মডাৰ্ণ মণ্টেশ্বৰী হাউচ অফ এ চিলড্ৰেনৰ সজাগতা মূলক কাৰ্যসূচী ৰূপায়ণ

গুৱাহাটী মহানগৰীৰ নাৰেংগিস্থিত শিক্ষানুষ্ঠান মডাৰ্ণ মণ্টেশ্বৰী হাউচ অফ এ চিলড্ৰেনৰ উদ্যোগত আজি সজাগতা মূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।বিদ্যালয়ৰ অধ্যক্ষা ভনিমা মহন্তৰ লগতে হীৰামনি ৰাভাৰ তত্বাৱধানত শিশু ছাত্র-ছাত্ৰী দ্বাৰা সজাগতামূলক সমদল উলিওৱা হয়। সমদলটোত কণ কণ শিশু ছাত্র-ছাত্ৰী সকলৰ লগতে অভিভাৱক অভিভাৱিকা সকলেও স্বতঃষ্ফুৰ্তভাৱে অংশগ্ৰহণ কৰে ।সমদলটোত জৈৱ বৈচিত্ৰ সংৰক্ষণ ,দেশপ্ৰেমমূলক শ্লোগানত আধাৰিত বেনাৰ ,ফেষ্টুন হাতত লৈ বিভিন্ন শ্লোগানেৰে নাৰেংগিৰ আকাশ বতাহ মুখৰিত কৰি তোলে ।প্ৰায় ৫০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰা সমদলটোত অংশগ্ৰহণ কাৰী কণ কণ শিশু সকলে সাজ সজ্জা তথা বেশভূষাৰে বিষয় বস্তু সাৰ্থক ৰূপত পৰিষ্ফুত কৰি তোলাৰ প্ৰয়াস অন্যতম আকৰ্ষণীয় দিশ ।

7
7388 views
1 comment