logo

নর্থ ইষ্ট জার্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ কেন্দ্ৰীয় অষ্টম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি শতাধিক ব্যক্তিক বতা-বাহনৰ লগতে জনোৱা হৱ সম্বধৰ্না


গুৱাহাটী : উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকসকলৰ এক বলিষ্ঠ কন্ঠৰ সংগঠন হৈছে নর্থ ইষ্ট জার্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থা। নর্থ ইষ্ট জার্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ৰাজ্যিক সমিতিৰ আৰু চি এণ্ড এচি নিউজ নৰ্থ ইষ্টৰ ও ব্ৰহ্মপুত্ৰৰ নিউজৰ উদ্যোগত , স্হানীয় দল সংগঠন ৰাইজৰৰ সহযোগত নর্থ ইষ্ট জার্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ৮ তম বার্ষিক কেন্দ্রীয় অধিৱেশনৰ প্ৰস্তুতি চলাই থকা হৈছে। ২০১৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে নৰ্থ ইষ্টৰ কেইজন সাংবাদিক লগহৈ গুৱাহাটীত জন্মলাভ কৰা নৰ্থ ইষ্ট জার্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাই এই বৰ্ষত অষ্টমতম বছৰ অতিক্ৰম কৰি নবম বছৰত ভৰি দিব। নৰ্থ ইষ্ট জার্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ অষ্টম বার্ষিক অধিবেশনখনি এইবাৰ লখিমপুৰ জিলাৰ নৰায়নপুৰৰ দেউৰী কলাক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ কেন্দ্রীয় সমিতিয়ে সিদ্ধান্ত গ্রহন কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ ক্ষেত্ৰৰ লগত জড়িত প্রতিজন সংবাদ কৰ্মীৰ হকে মাত মাতি অহা উত্তৰ-পূবৰ একমাত্র সাংবাদিক সংগঠন নর্থ ইষ্ট জার্জেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থা ৰ কেন্দ্ৰীয় অষ্টমবার্ষিক অধিবেশনি ২৯ ডিচেম্বৰত ২০২৪ ত নাৰায়নপুৰৰ দেউৰী কলাক্ষেত্ৰত দিন জোৰা বনাঢ্য কাৰ্যসূচীৰে উদ্যাপন কৰিবলৈ লোৱা হৈছে। আৰু ইয়াৰ বাবে পূর্ণ প্রস্তুতি চলাই থকা হৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি সমাজ সংগঠক, প্রাক্তন সাংবাদিক, শিল্পী তথা সংবাদ জগতৰ সৈতে জড়িত ব্যক্তিক আনুষ্ঠানিক ভারে সম্বর্ধনা জনোৱা হব। অসমৰ বহু কেইগৰাকী পুৰোধা ব্যক্তিয়ে অংশগ্ৰহণ কৰিব উক্ত গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত। তদুপৰি অসম চৰকাৰৰ লগতে বিভিন্ন বিভাগৰ মন্ত্ৰী-বিধায়ক উক্ত অনুষ্ঠানত উপস্থিত থাকিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে। বার্ষিক অধিৱেশনখনিত অসমৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকৰ লগতে উত্তৰ-পূবৰ বহু কেইজন জেষ্ঠ সাংবাদিকে অংশ ল'বলগীয়া অনুষ্ঠানটোত সকলো ৰাইজৰ উপস্থিতি লগতে সহায় সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিছে উদযাপন সমিতিয়ে।

1
4942 views