logo

ৰাজনৈতিক দলৰ কাৰ্যসূচীত কৰ্তব্যৰত সাংবাদিকক কন্দুৱা গেছ প্ৰয়োগ কৰা কাৰ্যক নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ গৰিহণা।

গুৱাহাটী : অসমৰগুৱাহাটীত এক ৰাজনৈতিক অনুষ্ঠানত কৰ্তব্যৰত সাংবাদিকসকলৰ ওপৰত অসম আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰা কাৰ্যক নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ তীব্ৰ গৰিহণা দিয়ে। অনুষ্ঠিত হোৱা অনুষ্ঠানটোত কৰ্তব্যৰত সাংবাদিক আৰু ভিডিঅ’-সাংবাদিকসকল গোট খোৱা ঠাইত কন্দুৱা গেছ ব্যৱহাৰ কৰা হৈছিল। যাৰ ফলত কেইবাজনো সাংবাদিক আহত হোৱাৰ লগতে চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয়।
দেখা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তত কৰ্তব্যৰত সাংবাদিকসকলে নিয়মিতভাৱে এনে কাণ্ডৰ বলি হৈ আহিছে।
নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাই অসম আৰক্ষী প্ৰশাসনক এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ আহ্বান জনাইছে।

2
187 views