চতুৰ্থ মৰাণ গ্ৰন্থমেলাৰ আয়োজন
মৰাণ: মৰাণ নাগৰিক সমাজৰ উদ্যোগত তথা মৰাণবাসীৰ সহযোগত অহা ১ ডিচেম্বৰ পৰা ৮ ডিচেম্বৰলৈ মৰাণ লাচিত নগৰত অৱস্থিত অৰুণোদয় সংঘ প্ৰাংগণত অনুষ্ঠিত হ'ব চতুৰ্থ মৰাণ গ্ৰন্থমেলা। ইতিমধ্যে কবি মানসী গগৈক সভাপতি, মালা দিহিঙীয়া হাজৰিকা আৰু বিপুল কুমাৰ ফুকनক সম্পাদকদ্বয় হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰি গ্ৰন্থমেলাৰ প্ৰস্তুতি চলোৱা হৈছে। এইবাৰৰ কাৰ্যসূচীত সদৌ অসম মুকলি কুইজ প্রতিযোগিতা, অনলাইন অণুগল্প প্রতিযোগিতা, গ্রন্থ সমালোচনা, কবি আলোচনা চক্ৰ, চিত্ৰাংকণ প্রতিযোগিতা, বিচিত্রানুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতে গ্রন্থ উন্মোচন আদি সামৰা হৈছে। যোৱা ১৭ নবেম্বৰ ২০২৪ তাৰিখে চতুর্থ মৰণ গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰি অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ, বিশিষ্ট চিকিৎসক, সাহিত্যিক ডাঃ লোহিত কুমাৰ বৰাই পূর্বৰ তিনিখন গ্রন্থমেলাত পাঠক আৰু গ্ৰন্থপ্ৰেমীৰ অভূতপূর্ব সঁহাৰিয়ে উচ্চমুখৰ পৰিবেশ সৃষ্টি কৰাৰ পাছত এইবাৰো ৰাইজৰ অংশগ্রহণ আশানুৰূপ হ'ব বুলি মত প্ৰকাশ কৰে।