logo

ৰাজপথত নামিব কেব চালক সকল। বন্ধৰাখিব কেব চলাচল।




# ৰাজপথত নামিব কেব চালক সকল।

# বন্ধৰাখিব কেব চলাচল।

# দহদিনৰ সময়সীমা বান্ধি দিলে কেব চালক সকলে।

# দীৰ্ঘদিনীয়া সমস্যা মানি নললে প্ৰতিবাদ কৰিব কেব চালক সকলে।

# অল আছাম কেব অপাৰেটছ ইউনিয়ন আৰু অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন তৰফৰ পৰা এই বৃহৎ সিদ্ধান্ত গ্ৰহণ।

# সংগঠন দুটাৰ অধীনত থকা প্ৰায় তিনি হাজাৰ চালকে নামিব প্ৰতিবাদত।

# গুৱাহাটীৰ বোন্দাত অনুষ্ঠিত বৃহত্তৰ কেবচালক সমাবেশত এনে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠন দুটাৰ।

# উবেৰ , অলাৰ মালিক কৰ্তৃপক্ষ আৰু পৰিবহন বিভাগে গুৰুত্বপ্ৰদান নকৰাৰ অভিযোগ

# কোম্পানীৰ তৰফৰ পৰা চালক সকলক প্ৰতি কিলো মিটাৰত বৰ্ধিত ভাড়া দিয়াৰ দাবী আৰু অলা আৰু উবেৰ কৰ্তৃপক্ষই ব্যক্তিগত বাহনৰ চলাচল বন্ধ কৰাৰ দাবী তুলিলে সংগঠনদুটাই।

# দীৰ্ঘদিনীয়া এই সমস্যাৰ দাবী তুলি কোম্পানীৰ উৰ্ধতন বিষয়া আৰু পৰিবহন বিষয়াক কেইবাবাৰো স্মাৰকপত্ৰ প্ৰদান কৰিছে যদিও কোনো সুফল নাপায় প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ সংগঠন দুটাই।

# উল্লেখ যে পূৰ্বে ২০১৬ বৰ্ষত চালক সকলক কোম্পানীৰ তৰফৰ পৰা প্ৰতি কিলোমিটাৰত 25 - 28 টকা আদায় দিছিল যদিও বৰ্তমানে প্ৰতি কিলোমিটাৰ ত কেৱল 10- 12 টকা আদায় দিয়ে আনহাতে পূৰ্বে কোম্পানীয়ে কেৱল বাণিজ্যিক বাহনহে ব্যৱহাৰ কৰিছিল যদিও বৰ্তমানে ব্যক্তিগত বাহনো ব্যৱহাৰৰ কৰে যাৰবাবে এই সকল চালক ভীষণ সমস্যাৰ সন্মুখীন হৈছে।

3
2443 views