logo

আজিৰ পৰা আৰম্ভ হল ছঠ পুজাৰ নিৰ্জলা ব্ৰত

শংকৰ দেৱ নগৰ, হোজাই, অসম, ৬ নৱেম্বৰ:-

আজি খৰ্ণা, যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিন । ৩৬ ঘণ্টীয়া জলবিহীন নিৰ্জলা ব্ৰতৰ পৰা আৰম্ভ হয়। ছঠৰ উৎসৱত খৰ্ণাৰ বিশেষ তাৎপৰ্য আছে। আজিৰ দিনটোত ছঠৰ বিশেষ প্ৰসাদ বনাই পুজা কৰা হয়। যোৱা ৫ নৱেম্বৰ পৰা নহাই খায়ৰ সৈতে চাৰিদিনীয়া ছঠ মহাপৰ্ব আৰম্ভ হৈছে। কাৰ্তিক মাহৰ শুক্ল পক্ষৰ চতুৰ্থীৰ পৰা সপ্তমী তিথিলৈকে পালন কৰা ছঠ উৎসৱত ছঠী মইয়া আৰু সূৰ্য্য দেৱক পূজা কৰা হয়। ছঠ পূজাৰ দ্বিতীয় দিনা ৰোটি, গুৰ খীৰ আৰু ফল-মূল আগবঢ়োৱা হয়। ইয়াক ছঠৰ মহাপ্ৰসাদ বোলা হয়। খৰনাৰ দিনা নিৰ্জলা ব্ৰত ৰখা সকলে ভগৱানৰ বিশেষ প্ৰসাদ প্ৰস্তুত কৰি সন্ধিয়া ভগৱানক অৰ্পণ কৰাৰ পিছত এই প্ৰসাদ সেৱন কৰা হয়। ছঠ মহাপৰ্বৰ দ্বিতীয় দিনা খৰনা প্ৰসাদ খোৱা হয়, যাক মহাপ্ৰসাদ বোলা হয়। আজিৰ দিনটোত ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বিশুদ্ধতাৰ যত্ন লোৱা হয়। আজিৰ দিনটোত স্নান কৰাৰ পাছত ভক্তসকলে পৰিষ্কাৰ কাপোৰ পৰিধান কৰি খৰনা প্ৰসাদ তৈয়াৰ কৰে। এই সময়ছোৱাত সম্পূৰ্ণ নিৰ্জলা ব্ৰতত থাকে। মাটিৰ চৌকাত আমৰ কাঠ জ্বলাই খাৰনা প্ৰসাদ প্ৰস্তুত কৰা হয়। গাখীৰ, চাউল আৰু গুৰেৰে তৈয়াৰী খিৰ প্ৰসাদ হিচাপে তৈয়াৰ কৰা হয়। সন্ধিয়া দেৱ-দেৱী, ছঠি মইয়া আৰু সূৰ্যদেৱক প্ৰসাদ অৰ্পণ কৰাৰ পিছত ভক্তই এই প্ৰসাদ সেৱন কৰে। ইয়াৰ পিছত গোটেই পৰিয়ালে এই সেৱন খায়।

0
1126 views