logo

আজিৰে পৰা মৰাণত শিশু সন্মিলন-গ্ৰন্থমেলা

মৰাণ, ৩১ অক্টোবৰ ঃ উজনি অসমৰ আঠখন জিলা সামৰি বাল্য বিকাশ বিদ্যালয়ৰ উদ্যোগত আৰু বুনিয়াদ গ্রন্থমেলাৰ সহযোগত আজিৰে পৰা (৩১ অক্টোবৰ) চাৰিদিনীয়া কাৰ্যসূচীৰে মৰাণৰ সমীপৱৰ্তী ১ নং ডোমৰ দলং মাজবিলস্থিত গ্রন্থক্ষেত্ৰৰ প্ৰাংগণত শিশু সন্মিলন আৰু শিশু গ্ৰন্থমেলা আয়োজন কৰা হৈছে। আয়োজিত শিশু গ্ৰন্থমেলাৰ প্ৰস্তুতি সন্দৰ্ভত গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত সংবাদমেলত সম্মোধন কৰি বিদ্যালয়ৰ অধ্যক্ষ তথা উদ্যাপন সমিতিৰ সম্পাদক ড০ স্বপন কুমাৰ চুতীয়াই কয়— শিশুসকলৰ মাজত সাহিত্য আৰু সংস্কৃতিৰ অনুৰাগ বৃদ্ধিৰ বাবে আয়োজন কৰা এই গ্রন্থমেলাৰ মুখ্য আকর্ষণ হ'ব প্ৰথমদিনা ১৪ খনকৈ শিশু গ্রন্থ উন্মোচন আৰু চাৰিদিনৰ বিভিন্ন কাৰ্যসূচীত উজনিৰ ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, মাজুলীকে ধৰি আঠখন জিলাৰ প্ৰায় দহ হাজাৰ শিক্ষাৰ্থীৰ অংশগ্রহণ। ৩ নৱেম্বৰৰ সামৰণিৰ দিনা মৰাণৰ লেখক-লেখিকা সমাজৰ প্ৰতি বিশেষ অভিনন্দনমূলক অনুষ্ঠান আৰু আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু স্বদেশ আৰু স্বজাতি শিল্পী বিপিন চাউদাঙৰ জীৱনভিত্তিক দুখন গ্রন্থ উন্মোচিত হ'ব। ড০ চুতীয়াই আৰু কয় – শিশুসকলক জাতীয় চেতনাপুষ্ট কৰি গঢ়ি তুলিবলৈ জা-জলপান, চিৰা- পিঠা আদি পৰিবেশন কৰিবলৈ দহহাজাৰ কলপটুৱা সাজিবলৈ প্ৰতিৱেশী গ্রামাঞ্চলৰ ৰাইজ আৰু অভিভাৱকসকল বিগত তিনিদিন ব্যস্ত হৈ আছে। এই গ্রন্থমেলা কেৱল পুথি পঠন-পাঠক সমাৰোহ নহৈ শিশুসকলক শিপাৰ স'তে যুক্ত কৰাৰ এটি উদ্দেশ্যও নিহিত হৈ আছে আমাৰ। এই গ্রন্থমেলাত ৰাজ্যখনৰ আগশাৰীৰ সাতটা প্ৰকাশক গোষ্ঠীকে ধৰি মুঠ সোতৰখন ষ্ট'ল থাকিব। প্রথমদিনা পুৱা গ্ৰন্থমেলাৰ পতাকা উত্তোলন, গছ পুলি ৰোপণ আৰু বস্তি প্রজ্বলন কৰিব ক্রমে উদযাপন সমিতিৰ সভাপতি ডাঃ লোহিত কুমাৰ বৰা, অভিভাৱক - পৰামর্শদাতা সমিতিৰ সভাপতি বিদ্যা চুতীয়া আৰু সম্পাদক ড০ স্বপন কুমাৰ চুতীয়াই। গ্ৰন্থমেলাৰ চাৰিওদিনৰ পুৱা ৯ বজাত দুৱাৰ মুকলি কৰিব ক্রমে চৰাইদেউৰ খাদ্য পরিদর্শক কৌশিক বৰা, ডিমৌ মহাবিদ্যালয়ৰ অধ্যাপক ড০ হেমন্ত কোচ, মৰাণ প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা, জ্যেষ্ঠ সাংবাদিক শেভিত কুমাৰ চেত্ৰী আৰু ডিকম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ টিকেন্দ্র জিৎ পাটগিৰিয়ে। আনহাতে, প্রতিদিনাই পুৱা এঘাৰ বজাত আৰু দিনৰ দুই বজাত দুটা শিশু উপযোগী সাহিত্য আৰু সাংস্কৃতিক সচেতনমূলক এলানি কাৰ্যসূচীও ৰূপায়িত হ'ব। প্ৰথমদিনা 'গ্রন্থমেলা আৰু কিতা পঢ়াৰ আনন্দ' শীৰ্ষক বক্তৃতানুষ্ঠান, দ্বিতীয়দিন ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞানৰ মডেল প্রদর্শনী আব প্ৰতিযোগিতা, তৃতীয়দিনা আন্তঃজাতীয় বিদ্যাল তর্ক প্রতিযোগিতা আৰু সামৰণিৰ দিনা মুকলি কুইজ প্রতিযোগিতা অনুষ্ঠিত হ'ব। ৩ নৱেম্বৰ বিয়লি অনুষ্ঠিত হ'বলগা অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমলবড়া মুখ্য অতিথি, নাহৰকটীয়া মহাবিদ্যালয়ন অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰ আৰু মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অনিল শ‍ইকীয়া আমন্ত্রিত অতিথিৰূপে অংশগ্রহণ কৰিব আজিৰ সংবাদমেলত ডোমৰ দলংস্থিত জৱাহ নবোদয় বিদ্যালয়ৰ প্ৰাক্তন শিক্ষার্থী গোটে এটা আলমিৰা তথা নাহৰকটীয়া মহাবিদ্যালৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰে আৰু দুটা আলমিৰা ২০১৬ বৰ্ষত প্ৰতিষ্ঠা কৰা গ্ৰন্থক্ষেত্ৰ'ক দানস্বৰূপে আগবঢ়ায়।

96
2602 views