logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

যুৱ সমাৰোহ : মৰিগাঁও জিলা দিৱস

মৰিগাঁও
১৫/১০/২০২৪

৩৬ সংখ্যক মৰিগাঁও জিলা দিৱস উপলক্ষে জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত ইংৰাজী ১৫/১০/২০২৪ তাৰিখে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত "যুৱ সমাৰোহ" অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত জিলাখনৰ বহুকেইখন চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-অভিভাৱকে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত উপস্হিত বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ শক্তিশালী আৰু উৎসাহমূলক ভাষণৰ দ্বাৰা সকলোকে মন্ত্ৰমুগ্ধ কৰে। উপস্থিত বিশিষ্ট বক্তাসকলে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ভৱিষ্যত অৰ্থনৈতিক বিকাশ, মানসিক বিকাশৰ বাবে অনুপ্ৰাণিত কৰিবলৈ ভাষণ প্ৰদান কৰে। জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই সভাপতিত্ব কৰা উক্ত অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই। আদৰণি ভাষণ প্ৰদান কৰে অতিৰিক্ত জিলা উপায়ুক্ত ড° সংগীতা বৰঠাকুৰে। উক্ত অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস; আই.আই.টি. গুৱাহাটীৰ সহকাৰী অধ্যাপক ড° দেবাংগ ৰাজ নেওগ; মায়ং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° উৎপল নাথ; মৰিগাঁওৰ বিশিষ্ট সমাজকৰ্মী, সাহিত্যিক মিলেশ্বৰ পাটৰ; প্ৰাক্তন ছাত্ৰ নেতা, সমাজকৰ্মী অতনু শৰ্মা উপস্থিত থাকে। জিলা উপায়ুক্তৰ উৎসাহজনক ভাষণত যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ, কৃষি বিকাশ, উদ্যোগীকৰণ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায়। সমান্তৰালভাৱে বক্তাসকলে যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ কাৰ্য্যপন্থা নিৰ্ধাৰণৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা, সামাজিক ক্ষেত্ৰখনত তেওঁলোকৰ সক্ৰিয় ভূমিকা, অন্যান্য বহুতো গঠনমূলক দিশৰ ওপৰতো ভাষণ প্ৰদান কৰে। যুৱ সমাৰোহত অংশগ্ৰহণকাৰীসকলে অনুষ্ঠানটোৰ বাবে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰি শুভ বাৰ্তা প্ৰেৰণ কৰে ।

138
2762 views

Comment