
লামডিঙক সমজিলা ঘোষণা ও আয়ুক্তৰ কাৰ্যালয়ৰো শুভ উদ্বোধন।
অসমৰ প্ৰশাসনিক খণ্ডৰ নৱতম সংযোজন হিচাপে অসম চৰকাৰে ৰাজ্যখনৰ ৩৯টা মহকুমাক বিলুপ্ত কৰি সমজিলা হিচাপে মৰ্যদা প্ৰদান কৰা সমজিলা সমুহৰ ভিতৰত হোজাই জিলাৰ লামডিং সমষ্টিকো লামডিং সমজিলা হিচাপে ঘোষণা কৰা হয়। এই উপলক্ষে যোৱা ৫ অক্টোবৰত লামডিং সমষ্টিৰ বামুনগাঁৱত অৱস্থিত উদালী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় প্ৰাঙ্গঁনত আয়োজিত শুভ উদ্বোধনী অনুষ্ঠানত উপস্হিত থাকি লামডিং সমজিলাৰ লগতে সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কেবিনেট মন্ত্ৰী তথা শক্তি, সমবায়, খনিজ সম্পদ, ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ মাননীয়া মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লোছাই।অনুষ্ঠানতে লামডিং সমজিলাৰ আয়ুক্ত হিচাপে দায়িত্ব অৰ্পন কৰে হোজাই জিলাৰ জেষ্ঠ অতিৰিক্ত জিলা আয়ুক্ত জয়শংকৰ শৰ্মাক। অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে দিয়া ভাষণ প্ৰসঙ্গঁত লামডিং সমজিলাৰ লগতে সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰো শুভ উদ্বোধন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰে আৰু এই সমজিলাৰ গঠন, ইয়াৰ কাম- কাজৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰী গৰাকীয়ে সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে স্হানীয় ৰাইজে তেওঁলোকৰ চৰকাৰী কাম-কাজ সমুহ কষ্টৰ লাঘৱ হোৱাকৈ ঠাইতে আৰু নিয়াৰিকৈ সমাধা কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় হোজাই জিলাৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে। তেখেতৰ আদৰণি ভাষণত সমজিলাক প্ৰদান কৰা দায়িত্বৰ বিষয়ে একাষাৰ কোৱাৰ লগতে এই দায়িত্ব লাভ কৰা বিষয়া - কৰ্মচাৰী সকলকো শুভেচ্ছা জনাই চৰকাৰৰ প্ৰতিখন আচঁনি আৰু কাম-কাজ সমুহ নিয়াৰিকৈ কৰাৰ লগতে প্ৰতিজন হিতাধিকাৰী যাতে উপকৃত হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সেই উদ্দেশ্যে কাম কৰি যাবলৈ সকলোলৈকে আহ্বান জনায়। অনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰয়েও উদ্বোধন কৰা সমজিলাখনৰ বিষয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত হোজাই সমষ্টিৰ বিধায়ক শ্ৰীৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শ্ৰীশিবু মিশ্ৰ, জিলা আয়ুক্ত বিদ্যূৎ বিকাশ ভাগৱতী, অতিৰিক্ত আৰক্ষী অধীক্ষক, জিলাখনৰ অতিৰিক্ত জিলা আয়ুক্ত সকল, সহকাৰী আয়ুক্ত সকল, খণ্ড উন্নয়ন বিষয়া সকল, চক্ৰ বিষয়া সকল,জিলা পৰিষদ আৰু চাৰিখন পৌৰসভাৰ পৌৰ সভানেত্ৰী সকল তথা বিভিন্ন বিভাগৰ বিষয়াসকল, কৰ্মচাৰী সকল, বিভিন্ন সংবাদ মাধ্যমৰ সংবাদদাতা সকলৰ লগতে স্হানীয় বহু ৰাইজো উপস্থিত থাকে।