logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

Kaliabor Co-District inaugurated today

অসমৰ প্ৰশাসনিক সংস্কাৰক নতুন গতি দি আগতকৈ অধিক উন্নত, দ্ৰুত আৰু ত্বৰান্বিত কৰাৰ উদ্দেশ্যেৰে পৰিবৰ্দ্ধন কৰা হৈছে সমজিলা । সমজিলা হৈছে জিলাৰ ভিতৰত থকা সৰু প্ৰশাসনিক গোট, যাৰ মূল উদ্দেশ্য হৈছে প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰি ৰাইজৰ মাজলৈ সময়মতে প্ৰয়োজনীয় সেৱাসমূহ উপস্থাপন কৰা।

অসমৰ প্ৰথম পৰ্যায়ৰ নতুনকৈ গঠন হোৱা ৩৯ খন সমজিলাৰ সমান্তৰালকৈ আজি ইং ৪ অক্টোবৰ ২০২৪, তাৰিখে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰাংগনত অসম চৰকাৰৰ পৰিবহন, মীন, আৱকাৰী আদি বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াই কলিয়াবৰ সমজিলাৰ সমজিলা আয়ুক্ত কাৰ্যালয়টি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ।

জাতীয় সংগীতেৰে আৰম্ভ কৰা আজিৰ এই অনুষ্ঠানটিত নগাঁও জিলা আয়ুক্ত শ্ৰী নৰেন্দ্ৰ কুমাৰ শ্বাহ, ভাঃপ্ৰঃসেঃ ডাঙৰীয়াই আদৰণি ভাষণ প্ৰদান কৰে।

কাৰ্যসূচীত কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ বিষয়া -কৰ্মচাৰী সকলে "কলিয়াবৰ" শীৰ্ষক এটি সমবেত সংগীত পৰিবেশন কৰে লগতে শ্ৰীমতী উপাসনা মহন্তৰ পৰিচালনাৰে কলিয়াবৰত প্ৰচলিত এটি সুন্দৰ ৰাস নৃত্যও প্ৰদৰ্শন কৰা হয়।

উক্ত অনুষ্ঠানত কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ পৰা অৱসৰ লোৱা বহু কেইগৰাকী কৰ্মচাৰীক মন্ত্ৰী ডাঙৰীয়া আৰু কলিয়াবৰ সমজিলা আয়ুক্ত গৰাকীয়ে সম্বৰ্দ্ধনা জনায়।

আজিৰ এই অনুষ্ঠানত কলিয়াবৰৰ সন্মানীয় প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন উদ্যোগ মন্ত্ৰী শ্ৰী গুণীন হাজৰিকা, নৱ নিযুক্ত কলিয়াবৰ সমজিলাৰ আয়ুক্ত শ্ৰীমতী লিজা তালুকদাৰ, সমাজ সেৱক ক্ৰমে- শ্ৰী দিপ্লুৰঞ্জন শৰ্মা, শ্ৰী মণি মাধৱ মহন্ত , কলিয়াবৰ সমজিলাৰ সহকাৰী আয়ুক্তসকল, কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল, সংবাদকৰ্মীসকল, গণ্যমান্য বিশিষ্ট ব্যক্তি আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

165
9412 views

Comment