logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

ঠিকাদাৰী প্ৰতিষ্ঠান "চিমলেক্স" ৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰ তীব্ৰ প্ৰতিবাদ।

ঠিকাদাৰী প্ৰতিষ্ঠান "চিমলেক্স" ৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰ তীব্ৰ প্ৰতিবাদ।

অতি লেহেমীয়া গতিত নিৰ্মান কৰা কলিয়াবৰৰ একমাত্ৰ উৰণীয়া সেতু খন আজি ৯টা বছৰে সম্পূৰ্ণ হৈ নুঠিল। যাৰ ফলত নেকি কলিয়াবৰ তিনিআলী ত তীব্ৰ যান-যঁতৰ লগতে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে । বিভিন্ন সময়ত ভিন্ন দল-সংগঠনে ইয়াৰ প্ৰতিবাদ জনাই আহিছে যদিও গা লৰা নাই ঠিকাদাৰী প্ৰতিষ্ঠান "চিমপ্লেক্স" ৰ। ফলত আজি পুনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰ বাসী ৰাইজৰ সহযোগত অতি লেহেমীয়া গতিত নিৰ্মান কৰা উৰণ সেতু নিৰ্মানকাৰী ঠিকাদাৰী প্ৰতিষ্ঠান "চিমপ্লেক্স" ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । পিছত অৱশ্যে কলিয়াবৰ আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ছাত্ৰ সংগঠনটিৰ লগতে স্থানীয় ৰাইজৰ লগত আলোচনা মৰ্মে ঠিকাদাৰী প্ৰতিষ্ঠান টিৰ লগত আলোচনা কৰি সঠিক উত্তৰ দিব বুলি জানিব দিয়া। নিৰ্ধাৰিত সময়তকৈ যদি অলপো পলম কৰে তেনেহলে পুনৰ ইয়াতকৈও ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে আন্দোলনকাৰী সকলে।

166
3852 views

Comment