logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

কামপীঠ বাৰোৱাৰী ৮৪ সংখ্যক শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি ।

কামপীঠ বাৰোৱাৰী ৮৪ সংখ্যক শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি ।



মহিলা নাগাৰা নাম, ওজাপালি , সাংস্কৃতিক অনুষ্ঠান লগতে দুৰ্গা মন্দিৰৰ সাহাৰ্য্যাৰ্থে আমন্ত্ৰণ জনোৱা কহিনুৰ থিয়েটাৰ।




কামৰূপ জিলাৰ কঞাঁ আৰক্ষী থানাৰ অন্তৰ্গত কামপীঠ বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা পৰিচালনা সমিতিৰ সৌজন্যত বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ পাঁচ দিনীয়াকৈ ৮৪ সংখ্যক শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ পূজা-অৰ্চনা কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । আনহাতে অহা ১৬ অক্টোবৰত ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা দেখা গৈছে । ইতিমধ্যে বীৰেন কলিতাক সভাপতি, দক্ষ কলিতাক কাৰ্য্যকৰী সভাপতি , মহেশ্বৰ কলিতা, কৰুণা কলিতা আৰু মিলন কলিতাক উপ- সভাপতিত্ৰয় , বেদান্ত শইকীয়াক সম্পাদক, জিতু কলিতা, বিদ্যুত কলিতা আৰু ধনেশ্বৰ কলিতাক সহ:সম্পাদকত্ৰয় হিচাপে লৈ এখন শক্তিশালী শ্ৰী শ্ৰী দুৰ্গা পূজা পৰিচালনা সমিতি গঠন কৰা হৈছে । কাৰ্য্যসূচী অনুসৰি অহা ৯ অক্টোবৰত শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ ষষ্ঠী পূজাত ৰাতিপুৱা পূজাৰ পতাকা উত্তোলন কৰিব পূজা পৰিচালনা সমিতিৰ সভাপতি বীৰেন কলিতাই। স্মৃতি তৰ্পণ কৰিব গগন কলিতাই । স্বৰ্গীয় অহল্যা ভূঞাঁ সোঁৱৰণী (দাতা শ্ৰী যোগেন ভূঞাঁ আৰু শ্ৰী ভৱানী ভূঞাঁ ) ৰভা মুকলি কৰিব কণিকা ভূঞাঁই। গছপুলি ৰোপণ কৰিব শ্ৰীযুত অৰবিন্দ ঘোষ , (ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কঞাঁ আৰক্ষী থানা) আৰু নিমন্ত্ৰিত অতিথি সকলে । তাৰ পিছত বন্তি প্ৰজ্বলন, প্ৰতিমা স্থাপন কৰিব প্ৰতাপ কলিতা (প্ৰতিমা দাতা) , টোপধ্বনি প্ৰদৰ্শন। সন্ধিয়া সাত বজাত বিল্ববোধনৰ বাবে পালেপাৰা গাঁৱৰ স্বৰ্গীয় মহেন্দ্ৰ বৈশ্য আৰু ৰাজেন বৈশ্যৰ বাসগৃহলৈ শোভাযাত্ৰা কৰিব । ১০ অক্টোবৰত ৰাতিপুৱা ৫.৪৫ বজাত শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ নৱ পত্ৰিকা প্ৰৱেশ , স্থাপন আৰু সপ্তমী বিহীত পূজা । ৰাতিপুৱা ৮.৩০ বজাত স্বচ্ছ অভিযান আৰম্ভ। তাৰ পিছত ১০.৩০ আয়তীৰ নাম প্ৰসংগ আৰু দুপৰীয়া ভোগ গ্ৰহণ। আবেলি চাৰি বজাত ওজাপালি প্ৰদৰ্শন। সন্ধিয়া পাচ বজাত বন্তি প্ৰজ্বলন। নিশা আঠ বজাত টোপধ্বনি প্ৰদৰ্শনৰ পিছতে দেৱীৰ আৰতি প্ৰদান আৰু নিশা ন বজাত নাগাৰা নাম পৰিবেশন কৰিব জনপ্ৰিয় পাঠক কেন্দুৱা, কামৰূপৰ ৰাজীৱ ডেকাই। নাগাৰা নাম উদ্বোধন কৰিব কঞাঁ বৰপুল্লা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিমান কলিতাই। ১১ অক্টোবৰত শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ মহাষ্টমী বিহীত পূজা আৰম্ভ। ৰাতিপুৱা ৬.২১ বজাত সন্ধিপূজা আৰম্ভণি আৰু ৭.৯ বজাত সন্ধি পূজা সমাপন । ৰাতিপুৱা স্বচ্ছ অভিযান । ৰাতিপুৱা ১০.১৫ বজাত বিশেষ সম্বৰ্ধনা অনুষ্ঠান । ৰাতিপুৱা ১০.৩০ বজাত নাগাৰা নাম পৰিবেশন কৰিব জনপ্ৰিয় পাঠিকা শালিকঝাৰ-বেজপাৰা , দৰংৰ অনিতা তালুকদাৰে । নাগাৰা নাম উদ্বোধন কৰিব হাজো বিধান সভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই। দুপৰীয়া বাৰ বজাত ভোগ উচৰ্গা । ১.৪৫ বজাত মহাশান্তি আৰু নিৰ্মালি প্ৰদান । আবেলি ভোগ বিতৰণৰ পিছতে ওজাপালি প্ৰদৰ্শন । সন্ধিয়া বন্তি প্ৰজ্বলন আৰু টোপধ্বনী প্ৰদৰ্শনৰ লগতে আৰতি প্ৰদান । নিশা ৯.৩০ বজাত কামপীঠ সাংস্কৃতিক নাট্য গোষ্ঠীৰ দ্বাৰা নাট্যকাৰ চম্পক শৰ্মাৰ "বাৰুদৰ ধোৱা" নাট প্ৰদৰ্শন। নাট উদ্বোধন কৰিব কামপীঠ বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন কলিতাই। ১২ অক্টোবৰত ৰাতিপুৱা ৫.১৫ বজাত নৱমী পুজা । ৰাতিপুৱা স্বচ্ছ অভিযান, আয়তীৰ নাম প্ৰসংগ, ভোগ উচৰ্গা । দুপৰীয়া ১২.৩০ বজাত শান্তি প্ৰদান আৰু বলয় ধাৰণ , নৱ পত্ৰিকা আৰু ঘট বিষৰ্জন । দুপৰীয়া ২.১০ বজাত ভোগ বিতৰণ । আবেলি চাৰি ওজাপালি প্ৰদৰ্শন, বন্তি প্ৰজ্বালন। নিশা আঠ বজাত টোপধ্বনি প্ৰদৰ্শনৰ পিছতে আৰতী প্ৰদান। নিশা দহ বজাত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন। সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী মৃণাল মৃত্বিক আৰু নয়ন মনি শইকীয়াই। সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব কুমুদ কলিতাই। ১৩ অক্টোবৰত আবেলি তিনি বজাত দেৱীৰ বিসৰ্জন । বিসৰ্জন স্থান বৰলীয়া নদীৰ বাহাৰঘাট ঘাট ।আনহাতে ১৬ অক্টোবৰত সন্ধিয়া শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা । উল্লেখ্য যে কামপীঠ বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা মন্দিৰৰ সাহাৰ্য্যাথে অহা ১৫ আৰু ১৬ অক্টোবৰত কামপীঠ হাইস্কুল খেলপথাৰত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ কহিনুৰ থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব। গতিকে সমূহ ৰাইজৰ সহায়-সহযোগ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে পুজা তথা থিয়েটাৰ পৰিচালনা সমিতিয়ে ।

150
7915 views

Comment