logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

কামৰূপত আন্তৰ্জাতিক শগুন সজাগতা দিবসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰণি



৯ ছেপ্তেম্বৰ:

বম্বে নেচেৰেল হিষ্ট্ৰি ছছাইটিৰ শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰ,বেলগুৰী আৰু অসমৰ বন বিভাগৰ উদ্যোগত আন্তৰ্জাতিক শগুন সজাগতা দিবস ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। প্ৰতি বছৰে চেপ্তেম্বৰ মাহৰ প্ৰথম শনি বাৰে এই দিৱস উদযাপন কৰা হয়। এইবাৰ দিবসটি কামৰূপ জিলাৰ ৰানীৰ কাৰমেল হাইস্কুলত উদযাপন কৰা হয়। অনুষ্ঠানত কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক -শিক্ষয়িত্ৰী, অভিভাৱক,বন বিষয়া আৰু স্থানীয় ৰাইজৰ সৈতে শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰ বেলগুৰীৰ বিজ্ঞানী সকলে উদযাপন কৰে। অনুষ্ঠানত কামৰূপ জিলাৰ ৫০ খন বিদ্যালয়ে অংশগ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়। লগতে শগুন সংৰক্ষণ ৰ ক্ষেত্ৰত অতিৰিক্ত সাধাৰণ সেৱাৰ বাবে পাঁচ জন ব্যক্তি ক সম্বৰ্দ্ধনা জনোৱা হয়। তেখেতে সকল হ'ল প্ৰসন্ন কলিতা,সাহিদা বিবি, ৰঞ্জিত নাথ,ৰেনু নাথ আৰু মল্লিকা দাস। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক জৈৱ বৈচিত্ৰ্য বৰ্ডৰ ড. সুনন্দ দেবী, নৃতত্ববিদ ড. পল, ৰানী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰেণু দেউৰী। এই অনুষ্ঠানতে ৰানী উন্নয়ন খণ্ডৰ বিভিন্ন ৰাজহ গাঁৱৰ পাঁচ জন গাওবুঢ়াকো সম্বৰ্দ্ধনা জনোৱা হয়। কামৰূপ জিলাৰ ওপৰিও শিৱসাগৰ জিলাতো আজিৰ কাৰ্যসূচীৰ এক শ্লোগান প্ৰতিযোগিতা, সজাগতা বক্তৃতা আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সমবেশৰ আয়োজন কৰা হয়।
শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰৰ জীৱবিজ্ঞানী সকল অনিকেত শ্ৰী জয়ন্ত, আনিনা, স্থিত প্ৰজ্ঞান আৰু কেন্দ্ৰৰ কৰ্মচাৰীসকলে অশেষ কষ্ট কৰি অনুষ্ঠানতো সাফল্য মন্দিত কৰি তুলিলে।
তথ্য চিত্ৰ প্ৰদৰ্শন: অসমৰ শগুন সংৰক্ষণ সম্পৰ্কীয় তথ্য চিত্ৰ খন প্ৰদৰ্শন কৰি অংশগ্ৰহণ কাৰী সকলক এই বিলুপ্ত প্ৰায় চৰাই বোৰে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু ইহঁতৰ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে অৱগত কৰা হৈছিল। স্থানীয় প্ৰচেষ্টাক স্বীকৃতি: স্থানীয় বেচৰকাৰী সংস্থা, মহিলা আত্মসহায়ক গোট আৰু শগুন সংৰক্ষণ ৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা ব্যক্তিসকলক তেওঁলোকৰ প্ৰশংসনীয় কামৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়। শ্ৰী যুত প্ৰসন্ন কলিতা: এটা বেচৰকাৰী সংস্থা চলোৱা এজন যুৱ সংৰক্ষণবিদ বন্য বন্ধুক তেওঁৰ জনসাধাৰণৰ মাজত শগুন সংৰক্ষণ আৰু উদ্ধাৰৰ বাবে সজাগতা অনাৰ প্ৰচেষ্টাৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়। সাহিদা বিবি আৰু ৰঞ্জিত নাথ: বন্যপ্ৰাণীৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱাৰ বাবে সাধাৰণ ৰাইজৰ মাজৰ পৰা এই দুজন ব্যক্তিক বঁটা প্ৰদান কৰা হয়।এই দুজন ব্যক্তিয়ে এটা ৰোগীয়া শগুনক উদ্ধাৰ কৰি পৰিচৰ্যা কৰাৰ লগতে নিজৰ খৰচত খাদ্যৰ যোগান ধৰিছিল আৰু সময়ত কৰ্তৃপক্ষক জনাইছিল।
ৰেণু নাথ আৰু মল্লিকা দাস: যুৱ শিল্পী আৰু উদ্যোগী সকলক তেওঁলোকৰ উল্লেখযোগ্য ডিজাইনাৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়। তেওঁলোকে পৰম্পৰাগত হস্তটাত ৰে গামোচাত শগুনৰ ছবিৰ ফুল তুলি জনসাধাৰণৰ মাজত বন্যপ্ৰাণী তথা শগুনৰ সংৰক্ষণৰ সজাগতা সৃষ্টি কৰিব। বিশিষ্ট অতিথি: অনুষ্ঠানত বিশিষ্ট ব্যক্তি অসম জৈৱ বৈচিত্ৰ্য বৰ্ডৰ বৈজ্ঞানিক বিষয়া ড. সুনন্দ দেবীয়ে শগুন সংৰক্ষণৰ ওপৰত নিজৰ চিন্তা ব্যক্ত কৰে। এগৰাকী উৎসুক পক্ষীবিদ হোৱাৰ বাবেই তেওঁ অসমৰ পক্ষী তথা শগুন সংৰক্ষণ আন্দোলনৰ প্ৰতি নিজৰ আগ্ৰহ প্ৰকাশ কৰে। প্ৰখ্যাত শিক্ষাবিদ, নৃতত্ববিদ তথা অধিবক্তা ড. পলেও নিজৰ ভাষণত এই বিষয়ত নিজৰ চিন্তাধাৰা প্ৰকাশ কৰে। ইয়াৰ উপৰিও আন এজন মুখ্য অতিথি ৰানী উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া শ্ৰী যুতা ৰেণু দেউৰী ও শিশু সকলক সম্বোধন কৰি জনসাধাৰণক শগুন সংৰক্ষণত অংশগ্ৰহণৰ বিষয়ে বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানৰ কাৰ্যসূচীত লোহাৰঘাট, কুলশী আৰু ৰানীৰ বনাঞ্চলিক বিষয়া ক্ৰমে চামিম আখতাৰ, দ্বিপেন ডেকা আৰু মৃণাল কান্তি নাথ অংশগ্ৰহণ কৰে। বন বিভাগে ছাত্ৰ ছাত্ৰী সকলৰ বাবে গছপুলি আৰু তথ্য সমৃদ্ধ লিখনি বিনামূলীয়াকৈ যোগান ধৰিছিল। লগতে ইচ্ছুক বিদ্যালয় তথা ছাত্ৰ ছাত্ৰী সকলে যদি গছপুলি ৰোপণ কৰিবলৈ বিচাৰে তেখেতসকলোক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। এই অনুষ্ঠানত ৰানী উন্নয়ন খণ্ডৰ বি পি ডবলিউ বিষয়া গুনজিত ঠাকুৰীয়া আৰু আন্ধেৰেজুলি ৰাজহ গাঁৱৰ গাওঁ বুঢ়া ৰোচন ৰবি স্বৰ্গয়াৰী, মাজপাৰা ৰাজহ গাঁৱৰ যুতিকা দাসে উপস্থিত থাকে। অনুষ্ঠানত শগুন সংৰক্ষণৰ প্ৰসাৰৰ ক্ষেত্ৰত বম্বে নেচেৰেল হিষ্ট্ৰি ছ'ছাইটি, গাঁওবাসী আৰু বন বিভাগৰ অংশীদাৰীত্ত্ব তথা ভুমিকা ৰ ওপৰত আলোকপাত কৰা হয়। শগুন আৰু শগুনৰ বাসস্থানৰ কাৰণে ওখ গছ ৰোপণ কৰাৰ বাবে বন বিভাগৰ বিষয়া সকলে গুৰুত্ব আৰোপ কৰি বৰ্তমান চলি থকা অসম চৰকাৰৰ অমৃত বৃক্ষ মহোৎসৱৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ লগত ইয়াৰ মাজত গুৰুত্বপূৰ্ণ সংযোগ থকা বুলি উল্লেখ কৰে। চিত্ৰাংকন প্ৰতিযোগিতা আৰু পুৰস্কাৰ বিতৰণ: শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰৰ, বেলগুৰিৰ কৰ্মচাৰী পঞ্চাশ খন বিদ্যালয়ৰ কাষ চাপিছিল আৰু বিদ্যালয়ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ চিত্ৰাংকন কাগজ প্ৰদান কৰিছিল। প্ৰতিখন বিদ্যালয়ৰ পৰা দুটা শাখা আৰু প্ৰতি শাখাৰ পৰা দুটা শ্ৰেষ্ঠ প্ৰমাণ পত্ৰৰ বাবে নিৰ্বাচিত কৰি বিজয়ী সকলোকে তেওঁলোকৰ কৃতিত্বৰ বাবে চিত্ৰাংকন সামগ্ৰী আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।এই দুজন বিজয়ীৰ ভিতৰত চাৰিজন আন্তবিদ্যালয় পৰ্যায়ৰ বিজয়ীক নিৰ্বাচিত কৰি মুখ্য অতিথিৰ দ্বাৰা সম্বৰ্দ্ধনা জনোৱা হয়। প্ৰতিযোগিতাখনে বিভিন্ন আৰ্থসামাজিক পটভূমিৰ অংশগ্ৰহণকাৰী সকলোকে আকৰ্ষণ কৰিছিল। যাৰ ফলত অন্তৰ্ভুক্তি আৰু সুলভতা নিশ্চিত হৈছিল।কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা মুঠ ২০০ গৰাকী ছাত্ৰ ছাত্ৰীক বিজয়ী হিচাপে নিৰ্বাচিত কৰি সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হয়।এই অনুষ্ঠানে ছাত্ৰ ছাত্ৰী সকলোক সমনীয়াৰ সৈতে সংযোগ স্থাপন, তেওঁলোকৰ শিল্পকৰ্মৰ ভাগ বতৰা কৰাৰ আৰু পৰিবেশ সংৰক্ষণৰ পদক্ষেপ সমূহৰ বিষয়ে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিছিল।
ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতামূলক প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আন্তবিদ্যালয় ইক, ক্লাব গঠনৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।শগুন সংৰক্ষণ সজাগতা কাৰ্যসূচী আৰু চিত্ৰাংকন প্ৰতিযোগিতাখনে শগুন সংৰক্ষণৰ সজাগতাক সফল কৰি, স্থানীয় প্ৰচেষ্টাক স্বীকৃতি দি আৰু নৱ প্ৰজন্মক শগুন সংৰক্ষণৰ ক্ষেত্ৰত সমভাগী হ'বলৈ অনুপ্ৰাণিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই অনুষ্ঠানটোৱে শগুন সংৰক্ষণ আৰু ইহঁতৰ বাসস্থান সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বম্বে নেচেৰেল হিষ্ট্ৰি ছ'ছাইটি,বন বিভাগ আৰু সমাজৰ সামূহিক দায়বদ্ধতা যে আছে তাকেই প্ৰমাণ কৰে বুলিও
শচীন ৰানাডে জানিবলৈ দিয়ে।

151
3123 views

Comment