logo

কলহ চোৰক উত্তম মধ্যম ৰাইজৰ



মিৰ্জা,১০ চেপ্তেম্বৰঃ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ স্বৰূপ বিজয়নগৰৰত দিনক দিনক চোৰ,ডকাইতি,গুণ্ডাগিৰি আদিৰ দৰে ঘটনা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। যাৰ ফলত চকু কপালত উঠিছে সচেতন ৰাইজৰ।বিগত সময়ত বিজয়নগৰ অতি শান্তি প্ৰিয় ঠাই আছিল যদিও বৰ্তমান ইৰিক্সাৰ বেটেৰী চোৰৰ পৰা আদি কৰি হাতৰ পৰা টকা কাঢ়ি লৈ যোৱা ডকাইতৰ টিঘিল ঘিলনিৰ বাবে বিজয়নগৰৰ গৰিমা ম্লান হৈ পৰিছে। বিজয়নগৰৰ ঐতিহ্যত কালিমা সানি এই এলেকাত চোৰ ডকাইত বোৰে লিপ্ত হৈছে বিভিন্ন অপকৰ্মত। সচেতন ৰাইজৰ ভাষ্য অনুসৰি ড্ৰাগছৰ কৱলত পৰি একাংশই এই চোৰ,ডকাইতি কাণ্ডৰ ঘটনা সংঘটিত কৰিছে। ইয়াৰে সমান্তৰালকৈ আজি বিজয়নগৰ উপৰহালীস্থিত অসম সমবায় কঁহাৰ সংঘ লিমিটেডৰ শাখাৰ পৰা কহল লৈ পলায়ন কৰাৰ অপচেষ্টা কৰে এটা চোৰে।উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বাৰাণ্ডাত প্ৰতিদিনে কাহৰ কলহ,শৰাই আদি সজাই ৰখা হয়। সেই বাৰাণ্ডাত থকা কলহতেই আজি চকু পৰে এজন চোৰৰ। দোকান খনৰ ওচৰলৈ আহি বহু সময় ধৰি ইফাল সিফাল কৰি থকাত স্থানীয় যুৱক কেইজনৰ চোৰটোৰ ওপৰত সন্দেহ হয় আৰু বহু সময়ৰ পিছত চোৰ তোৱে স্থানীয় যুৱক কেইজনৰ চকুত ধুলি দি ১টা কলহ লৈ দেৱাল পাৰ হৈ পলায়ন কৰাৰ চেষ্টা কৰে যদি পূৰ্বৰে পৰাই চোৰটোৰ ওপৰত চকু দি থকা স্থানীয় যুৱক ২জনে চোৰটোৰ পিছ লয় আৰু পিছত কহল সহ চোৰত খেদি খেদি ধৰিবলৈ সক্ষম হয়।ইফালে ঘটনাৰ উমান পাই স্থানীয় ৰাইজে কৰায়ত্ত কৰা চোৰ মৃদুল আলীক উত্তম মধ্যম সোধাই আৰক্ষীক গোটাই দিয়ে ।উল্লেখ্য যে পূৰ্বেও চুৰি কাণ্ড সংঘটিত কৰিছে মৃদুল আলীয়ে ।

0
1643 views