logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

Happy teacher day

শিক্ষক দিৱসৰ শুভেচ্ছা। মহান দাৰ্শনিক, শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক তেখেতৰ এই পুণ্য তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছো। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ মোৰ শ্ৰদ্ধা…
গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈশ্রী গুৰুৱে নমঃ।। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো।
যি দেশত আপোনালোকৰ দৰে শিক্ষাগুৰু আছে সেই দেশৰ ভৱিষ্যত উজ্বল হবই। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ শুভেচ্ছা ।
শিক্ষাগুৰুসকল আমাৰ সমাজৰ প্ৰকৃত পথ প্ৰদৰ্শক। অজ্ঞানতাৰ অন্ধকাৰ আঁতৰাই তেওঁলোকে জ্ঞানৰ পোহৰ বিলায়। এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ শুভেচ্ছা।
শিক্ষাগুৰুসকলে জীৱনৰ আদিপাঠ প্ৰদান কৰি কৰ্মপথাৰত সফল হোৱাকৈ আমাক শিক্ষাৰ পোহৰেৰে উজলাই তোলে। শিক্ষাদানৰ দৰে মহৎ সেৱাত ব্ৰতী হৈ দেশৰ ভেটি গঢ়া প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীলৈ ‘শিক্ষক দিৱস’ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
শিক্ষক দিৱসৰ বহুত শুভেচ্ছা। আপুনি আনৰ বাবে এজন সাধাৰণ শিক্ষক হলেও মোৰ দৰে অনেক ছাত্ৰ- ছাত্ৰীৰ বাবে এজন হিৰো। মোৰ পদ প্ৰদৰ্শন কৰাৰ বাবে ধন্যবাদ।
মোৰ জীৱনত শিক্ষা প্ৰদান কৰা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ মোৰ আন্তৰিক শুভেচ্ছা।

158
2496 views

Comment