logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

বিশ্বৰ মানৱ জাতিলৈ আহ্বান। 

।। জয় মা আৰু প্ৰকৃতি।।

বিশ্বৰ মানৱ জাতিলৈ আহ্বান। 

সেই মানৱ জাতি এই পৃথিৱীত আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ বহোত আছে।
এই সংসাৰত স্বজন কৰ্তাই আপোনালোকক দায়িত্ব ও নিয়ম আৰু সকলো জীৱকোলৰ, প্ৰকৃতিৰ মঙ্গলৰ কাৰনে পঠাইছে।
পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত অৰিহণা যোগান ধৰিবলৈ পঠাইছে। সকলো জীৱকোলক সন্মান, সহযোগিতা কৰাৰ নিমিত্তে পঠাইছে। সেই মানৱ জাতি আপোনালোকে যেতিয়া নিজৰ বংশ ৰক্ষা কৰাৰ কাৰনে চিন্তা কৰি ভগৱানৰ ওচৰত কৰ যোৰে প্ৰাৰ্থনা জনাই সন্তান প্ৰাপ্তি কামনা কৰে। আৰু তাৰ ফল স্বৰূপে ভগৱানে সন্তান প্ৰদান কৰে। আৰু সেই সন্তানক লালন পালন কৰাৰ লগতে উচিত সু শিক্ষা দিয়াৰ দায়িত্ব প্ৰদান কৰে আপোনালোকৰ ওপৰত। 
কিন্তু আপোনালোকে লোভ, মোহ, কাৰ্ম ক্ৰধ, দম্ভ, অংহকাৰ কৰি সকলো পাহৰি পেলাই। আৰু সন্তানক উচিত শিক্ষাৰ পৰা দূৰত ৰাখে।
সৰুৰে পৰা যি সু শিক্ষা প্ৰদান কৰিব লাগিছিল সেয়া প্ৰদান নকৰে। যাৰ ফলত আপোনালোকৰ সন্তান ডাঙৰ সৈ নানান ধৰনৰ কু কৰ্ম, সমাজত নানান ধৰনৰ বেয়া প্ৰভাৱ পেলাব ধৰে। ইয়াৰ বাবে জগৰীয়া অভিভাৱক তথা শিক্ষা গুৰু সকল।
সৰু পৰাই অভিভাৱক আৰু শিক্ষা প্ৰদান কৰা শিক্ষা গুৰু সকলৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ দায়িত্ব আছে, আৰু ইয়াৰ বাবে যোগ্য। 
আহ্বান জনাম সকলোকে আপোনালোকে আপোনালোকৰ উচিত দায়িত্ব পালন কৰাত গুৰুত্ব দিয়ক, যি নেকি ভগৱানে আপোনালোকক দায়িত্ব পালন কৰাৰ অনুমতি প্রদান কৰিছে। আৰু এখন সুন্দৰ পৃথিৱী, এখন সুন্দৰ পৰিৱেশ, এখন সুন্দৰ সমাজ, গঠন কৰাত ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছো।

ধন্যবাদেৰে

সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ

154
11981 views

Comment