logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

দৰঙৰ জিলা পুথিভঁৰালত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় বিষয়ক ৰাজহুৱা সভা*

মঙলদৈ, ১৬ জুলাই: দৰং জিলাত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় স্থাপনক লৈ এক ৰাজহুৱা সভা আজি মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হয়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত ৰাজহুৱা সভাত ৰাইজৰ প্ৰতিনিধিৰূপে জিলাখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মতামত ব্যক্ত কৰে।
সভাত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কয় যে অনাগত দিনত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন স্থাপনৰ সন্দৰ্ভত কোনো যাতে অসুবিধা নাথাকে বা আপত্তি নাথাকে তাৰ বাবে ৰাইজৰ মতামত লোৱাৰ উদ্দেশ্যে এই সভাখন আহ্বান কৰা হৈছে। মঙলদৈ অসামৰিক চিকিৎসালয়খন প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ত চামিল হোৱা কাৰ্যক সমৰ্থন জনোৱাৰ বাবে তেওঁ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ চিকিৎসা মহাবিদ্যালয়খন সম্পূৰ্ণ নিৰ্মাণ নোহোৱালৈকে ৰাইজলৈ মঙলদৈ অসামৰিক চিকিৎসালয়খনৰ চিকিৎসা সেৱা অব্যাহত থাকিব বুলি কয়। সাংসদগৰাকীয়ে ভাষণ প্ৰসংগত জিলাখনত হ'বলগীয়া সংহত আয়ুক্ত কাৰ্যালয় আৰু বিভিন্ন উন্নয়নমূলক কামৰ বিষয়ে উল্লেখ কৰে।

সভাত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে ৰাইজে জনোৱা ইতিবাচক সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়খনৰ দৰং চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰাৰ পোষকতা কৰে।
সভাত ভাষণ প্ৰদান কৰি মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে চিকিৎসা মহাবিদ্যালয়খনৰ ক্ষেত্ৰত ৰাইজৰ সমৰ্থন আৰু সহাঁৰিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে চিকিৎসালয়খন নিৰ্মাণৰ বাবে বৰ্তমানৰ ৰেচম পামখন যথোপযুক্তভাবে স্থানান্তৰিত কৰা হ'ব। তেওঁ দৰঙত অনাগত দিনত গঢ় লৈ উঠিবলগীয়া বিভিন্ন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠান আদিৰ বিষয়েও ভাষণত উল্লেখ কৰে।
আজিৰ সভাত অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়েও ভাষণ প্ৰদান কৰে।
সভাত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০কমলা কান্ত বৰাৰ লগতে ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱ, ড০ বুধিন চন্দ্ৰ হাজৰিকা, মুকুল ডেকা, ভাৰ্গৱ দাস, মুকুট ৰাজ শৰ্মা, গনেশ দত্ত, খনীন্দ্ৰ ৰাজবংশী আদি জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে নিজৰ মতামত ব্যক্ত কৰে।
সভাত অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা নিলীমা দেৱী, খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি কৃষ্ণা সাহা, বিশিষ্ট সমাজকৰ্মী ধীৰেন্দ্ৰ ডেকা প্ৰমুখ্যে জিলাখনৰ বিশিষ্ট নাগৰিক, দল-সংগঠনৰ নেতা, শিক্ষাবিদ, সমাজকৰ্মী আৰু ৰাইজ উপস্থিত আছিল।

146
11706 views

Comment