logo

বান সাহায্য বিতৰণ পলাশবাৰী কংগ্ৰেছৰ

৭জুলাইঃ পলাশবাৰীত কমিছে বান।আশা কৰা হৈছে আশ্ৰয় শিবিৰৰ পৰা দুই এদিনৰ ভিতৰত নিজ নিজ গৃহমুখী হব পাৰিব ৰাইজ।বানত ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ খৱৰ লৈছে বহু লোকে চৰকাৰী তথা বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে সক্ষম অনুসৰি বানপিড়িতক প্ৰদান কৰিছে বান সাহাৰ্য্য। একেইদৰে আজি দখলাৰ‌ প্ৰায় ৪৫০ টা পৰিয়ালক বান সাহাৰ্য্য বিতৰণ কৰা পৰিলক্ষিত হৈছে।পলাশবাৰী কংগ্ৰেছৰ‌ উদ্যোগত ৰূপায়ন কৰা হয় এই বান সাহাৰ্য্য বিতৰণ কাৰ্যসূচীৰ।। উক্ত কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি নৃপেন্দ্ৰ ঠাকুৰীয়া,কামৰূপ জিলা কংগ্ৰেছ কমিটি সাধাৰণ সম্পাদক বিপ্লৱ কুমাৰ তালুকদাৰ,সম্পাদক শংকৰ কলিতা,উপসভাপতি কনক কাকতি ,কিশোৰ দাস,উপৰহালী মন্দল কংগ্ৰেছৰ সভাপতি অৰুণ দাস, সাধাৰণ সম্পাদক ধীৰাজ ঠাকুৰীয়াৰ লগতে আন আন কেইবাগৰাকীও কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।

3
4317 views