logo

পলাশবাৰীৰ বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা জীয়াকুৰ আদৰ্শ চিকিৎসালয় খনকলৈ চিন্তা চৰ্চা কৰিব মুখ্যমন্ত্ৰীয়ে





অসম বাৰ্তা,মিৰ্জা,৭জুলাইঃৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ক্ষতিগ্ৰস্ত কৰিছে বহু ৰাইজক।ৰাইজৰ দুৰ্দশাৰ সময়ত ৰাজ্যৰ প্ৰভাৱশালী মুখমন্ত্ৰী ড°‌ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে ৰাইজৰ মাজত উপস্থিত হৈ পৰিস্থিতি সমূহৰ বুজ লোৱা পৰিলক্ষিত হৈছে। তাৰে সমান্তৰালকৈ আজি কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ তিনিটাকৈ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী শৰ্মাই। পোনপ্ৰথমে মুখ্যমন্ত্ৰী গৰাকীয়ে বিজয়নগৰস্থিত অমৃত চন্দ্ৰ ঠাকুৰীয়া বাণিজ্যিক মহাবিদ্যালয়ত উপস্থিত হৈ আশ্ৰয় শিবিৰত থকা ৰাইজৰক সাক্ষাৎ কৰে।তাৰ পিছত ১নং সত্ৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰ আৰু শেষত নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ আশ্ৰয় শিবিৰত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা।পলাশবাৰীৰ তিনিওটা শিবিৰ পৰ্যবেক্ষণ কৰাৰ পিছত সাংবাদিকৰ সৈতে মুখামুখি হয় মুখ্যমন্ত্ৰী গৰাকী।বান শেষ হোৱাৰ পিছত ৰাইজৰ সুবিধাৰ্থে মেগা মেডিকেল কেম্প ৰূপায়ন কৰাৰ লগতে ক'লেৰা-ডায়েৰীয়া আদি ৰোগত কোনো লোক আক্ৰান্ত নহয়‌ যেন তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।দক্ষিণ কামৰূপৰ যিকোনো অঞ্চলত যদি কোনোৱে উদ্যোগ স্থাপন কৰিব খোজে তেনেহলে স্থানীয় ৰাইজে মিটিং পাতি সঠিক সিদ্ধান্ত লৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে সেই অঞ্চল অনাউদ্যোগীক অঞ্চল কৰি দিব বুলিও শৰ্মাই মন্তব্য কৰে আৰু এই ক্ষেত্ৰত ৰাইজক আৰু অধিক সচেতন হবলৈ আহ্বান জনাই। ইফালে গুৱাহাটী জ্যোতিনগৰত নলাত সোমাই সন্ধানহীন হোৱা শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে গভীৰ শোক প্ৰকাশ কৰে আৰু আগন্তুক সময়ত শিশুটিৰ পিতৃ-মাতৃৰ ওচৰত থিয় দিব বুলি কয়।বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ সন্দৰ্ভত চকু দিয়াৰ বিপৰিতে বান সমাধানৰ ওপৰত মুখ্যমন্ত্ৰী গৰাকীয়ে নজৰ ৰাখিছে।বান বিধস্ত পলাশবাৰীৰ প্ৰতিটো অঞ্চলৰ ৰাইজক কি ধৰণে সহায় কৰিব পাৰি তাক লৈয়ো চিন্তা চৰ্চা কৰিব মুখ্যমন্ত্ৰীয়ে।শেষত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বান সাহায্যৰ নামত ৰাজ্য চৰকাৰক তেৰ শ কোটি টকা প্ৰদান কৰা বুলি মন্তব্য কৰাৰ লগতে এবছৰ পূৰ্বে দক্ষিণ কামৰূপবাসীৰ বাবে চৰকাৰে মুকলি কৰা জীয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক প্ৰদান কৰাৰ‌ বাবে চিন্তা চৰ্চা কৰা হব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে। উল্লেখ্য যে আজিৰ এই এটাইকেইটা আশ্ৰয় শিবিৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পৰ্যবেক্ষণ কৰাৰ সময়ত তেখেতৰ লগত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া,দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীৰ লগতে বিজেপিৰ আন আন কৰ্মকৰ্তা সকল উপস্থিত থাকে।

0
0 views