logo

ছয়গাৱৰ জ্ঞান স্ৰোতিনী বিদ্যাপীঠৰ দ্বাৰা বান সাহাৰ্য্য বিতৰণ



ৰাজ্যত বান বিভীষিকা চলি থকাত দিগ বিদিগ হেৰাইছে বানপিড়িত ৰাইজে।খাবলৈ এটুপি বিশুদ্ধ খোৱাপানী তথা এসাজ আহাৰৰ বাবে চিন্তা কৰিব লগীয়া পৰিবেশৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।এনে সময়তে একাংশ সমাজৰ প্ৰকৃত সুহৃদয়বান লোক তথা সামাজিক অনুষ্ঠানে ৰাইজৰ ওচৰত থিয় দিছে।কেৱল ৰাইজৰ খৱৰ লৈ বা পৰিস্থিতিৰ বুজ লৈয়ে দায়িত্ব নাসামৰি পাৰ্য্যমানে নিত্যনৈমিত্তিক প্ৰয়োজনীয় সা-সামগ্ৰী‌ বান সাহাৰ্য্য হিচাপে বিতৰণ কৰিছে একাংশ‌ই। ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে ছয়গাৱৰ জ্ঞান স্ৰোতিনী বিদ্যাপীঠয়েও কালি পলাশবাৰী সমষ্টিৰ বানক্ৰান্ত ৰাইজৰ মাজত বান সাহাৰ্য্য বিতৰণ কৰে। প্ৰায় ১৭০ টা পৰিয়ালৰ মাজত অত্যাবশ্যকীয়‌ সামগ্ৰী কৰা হয়।

42
14042 views