logo

শিলচৰ শ্ৰীকোনাৰ অভাৰব্ৰিজত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত মৃত্যু স্কুটি চালকৰ আৰু গুৰুতৰভাৱে আহত লগত থকা আন এজন যুৱক ।

শিলচৰ শ্ৰীকোনা অভাৰব্ৰিজত তীব্ৰ বেগেৰে এখন ডাম্পাৰে এখন স্কুটিত খুন্দা মাৰে । ঘটনা স্থলীত মৃত্যু হয় স্কুটি চালকৰ আৰু তেওঁৰ লগত থকা আন এগৰাকী যুৱক গুৰুতৰভাৱে আহত হয় । শ্ৰীকোনা আউটপোষ্টৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত স্কুটি চালক পোষ্টমৰ্টামৰ বাবে আৰু তেওঁৰ লগত থকা যুৱকজনক চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে । স্কুটিখনত থকা দুজন যুবকৰ নাম মিনাল কান্তি পাল আৰু মালয় ভূষণ পাল বুলি জানিব পৰা গৈছে ।

23
2258 views