logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

#হত্যাকাৰীক_গ্ৰেপ্তাৰ_কৰক ✊️ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)ৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত অসম- মেঘালয় সীমান্ত

#হত্যাকাৰীক_গ্ৰেপ্তাৰ_কৰক ✊️
সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)ৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত অসম- মেঘালয় সীমান্ত #দামৰাত ২১৭ নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কার্যসূচী ৰূপায়ণ কৰা হয়।
মেঘালয়ত অসমৰ তিনি যুৱকক অচিনাকি দুৰ্বৃত্তই জীৱন্তে জ্বলাই দি হত্যা কৰাৰ প্ৰতিবাদত আৰু দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্রদান কৰাৰ লগতে মৃতকৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণ প্রদান কৰা, মেঘালয়ত কাম কৰা ব্যৱসায়ী আৰু ছাত্র ছাত্রী সকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কার্যসূচী ৰূপায়ণ কৰি ভাৰতৰ গৃহমন্ত্রী, মেঘালয়ৰ মুখ্যমন্ত্রী আৰু অসমৰ মুখ্যমন্ত্রী ডাঙৰীয়ালৈ গোৱালপাৰা জিলা আয়ুক্তৰ জৰিয়তে পৃথকে পৃথকে স্মাৰকপত্র প্ৰেৰণ কৰা হয়।

166
3500 views

Comment