logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

বাগিচাত চাহ পাত তুলি,টীয়কত কেইবাখনো নিৰ্বাচনী সভাত তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰী পিযুষ হাজৰিকাই

বাগিচাত চাহ পাত তুলি,টীয়কত কেইবাখনো নিৰ্বাচনী সভাত তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰী পিযুষ হাজৰিকাই


টীয়ক , ৮ এপ্ৰিল : ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত আজি অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই টীয়কত উপস্থিত হৈ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীক মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অসম গণ পৰিষদৰ দলৰ সম্পাদক বিকাশ শইকীয়া, ন বিজেপি মানস বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও মিত্ৰজোঁটৰ নেতা উপস্থিত থাকি সংগ প্ৰদান কৰে। উল্লেখযোগ্য যে টীয়কৰ কাৱৈমাৰী,খঙীয়া গাঁও আদি অঞ্চলত মন্ত্ৰীগৰাকী উপস্থিত হৈ বিজেপি চৰকাৰে ৰাইজৰ বাবে প্ৰদান কৰা বিভিন্ন জনকল্যানমূলক আঁচনিৰ কথা অৱগত কৰি বিশেষকৈ টীয়কৰ বিভিন্ন অঞ্চলৰ মাথাউৰি নিৰ্মাণ, বাট পথৰ উন্নয়ন আদিবোৰ যে কেৱল ৰাজ্যৰ দক্ষ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হৈ উঠিছে সেয়া স্পষ্ট কৰি এই উন্নয়ন অব্যাহত ৰাখিবলৈ পুনৰ বিজেপিৰ পক্ষত সকলোকে ভোটাধিকাৰ সাৱস্ত কৰিবলৈ আহ্বান জনায়।লগতে কংগ্ৰেছৰ দিনত হোৱা পৰ্বতসম দূৰ্নীতিৰ বাবে তেওঁ তথা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতিকে ধৰি অন্যান্য মন্ত্ৰী বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু কংগ্ৰেছক সূতা-কম্বলৰ দল বুলি অভিহিত কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে আৰু অনাগত অতি কম সময়ৰ ভিতৰত কংগ্ৰেছৰ অস্তিত্ব নাইকীয়া হৈ যাব বুলি মন্তব্য কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।ইপিনে এই নিৰ্বাচনী প্ৰচাৰ মাজতে মন্ত্ৰীগৰাকীয়ে টীয়ক চাহ বাগিছাৰ শ্ৰমিক সকলক পাত চিঙি থকা অৱস্থাতে লগ ধৰি বাৰ্তালাপ কৰে আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ লয় আৰু পৰ্যায়ক্ৰমে সকলো সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে। বিশেষকৈ চাহ বাগিচাৰ পাতৰ মাজত সোমাই নিজে আনন্দিত হৈ শ্ৰমিকসকলৰ সৈতে পাত তুলি এক অনাবিল আনন্দ লাভ কৰিছে বুলিও মন্তব্য কৰে পিযুষ হাজৰিকাই আৰু বৰ্তমানৰ চৰকাৰে চাহ বাগিচাৰ ৰাইজৰ বাবে যিসমূহ আঁচনি তথা সুবিধা প্ৰদান কৰিছে সেয়া লৈ তেওঁলোক অতি সুখী বুলি সদৰি কৰি বাগিচা অঞ্চলত ৯০% ভোটা বিজেপিৰ পক্ষত পৰিব বুলি আশা প্ৰকাশ কৰে। ইপিনে কংগ্ৰেছৰ টুইটাৰ পেজত লুৰীণ জ্যোতি গগৈৰ প্ৰচাৰত হাতৰ চিহ্ন ব্যৱহাৰে লুৰীণ জ্যোতি গগৈৰ আঞ্চলিকতাবাদৰ আদৰ্শ ম্লান কৰিছে বুলি মন্তব্য কৰি কংগ্ৰেছৰ অন্যান্য দুৰ্নীতিৰ সমান্তৰালকৈ নিৰ্বাচনী টিকট কিনা বেচাৰ ৰাজনীতিয়ে দলকটো নিশেষ কৰিব বুলি মত প্ৰকাশ কৰি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

165
4850 views

Comment