logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

জাহোৰপামৰ ফ্লুৰেন্স একাডেমীত বাৰ্ষিক অধিৱেশন বৰ্তমান দেশত গ্ৰীষ্ম আৰু শীত নামৰ দুখন ঋতুহে আছেঃ বৃক্ষ ৰোপণ কৰি পৰিৱেশ কৰ্মী চৈয়দ আফতাদ হুছেইনৰ মন্তব্য

বৰপেটাৰ জাহোৰপামৰ ছাপৰাৰ ফ্লুৰেন্স একাডেমীৰ বাৰ্ষিক অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। ৰাতিপুৱা পতাকা উত্তোলনৰ পাছতেই ছাত্ৰ-ছাত্ৰীৰ মাজত কবিতা পাঠ অনুষ্ঠিত হয়। ইয়াৰ পাছতে বিদ্যালয়খনৰ অধ্যক্ষ আবুল হাশ্বেমৰ পৰিচালনাত বৃক্ষৰোপণ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। গ্ৰীণ লাইফ ৱেলফায়াৰ অৰ্গেনাইজেশ্বনৰ সভাপতি সাংবাদিক, যুৱ লেখক চৈয়দ আফতাদ হুছেইন আৰু সম্পাদক ৰুস্তম আলীয়ে 'সেউজ-বিপ্লৱ'ৰ পৰা কিছু সংখ্যক গছপুলি উপহাৰ দিয়ে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি চৈয়দ আফতাদ হুছেইনে অধ্যক্ষ আবুল হাশ্বেমৰ আহ্বান মৰ্মে চমু ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তেখেতে কয় যে আমি ৰাজপথত বহুতো আন্দোলন কৰি আহিছোঁ যদিও হাতে-কামে খুব কম কামেই কৰোঁ। সেয়ে কথাতকৈ কৰ্মক ডাঙৰ কৰি হাতে-কামে লাগি পৰিৱেশ সম্পৰ্কীয় বিভিন্ন কাম-কাজ কৰি আহিছোঁ। সম্প্ৰতি দেশত জলবায়ু তথা পৰিৱেশৰ যথেষ্ট সংকটে দেখা দিছে। দেশত দুখনহে ঋতু আছে। আমি সৰুতে পঢ়া ছয় ঋতুৰ অস্তিত্ব এতিয়া আৰু নাই। সময় থাকোঁতে সতৰ্ক নহ'লে আমাৰ জীৱনত বসন্ত নাহে। জলাশয়, নদী আদিৰ পানী প্ৰদূষণ হোৱাৰ উপৰিও ভূ-পৃষ্ঠৰ পানী তললৈ নামি গৈছে। মৃত্যু ঘটিছে জীৱ-অণুজীৱ, চৰাই, জীৱ-জন্তুৰ। মাটিৰ উৰ্বৰা নোহোৱা হ'ব ধৰিছে। অত্যধিক গৰমৰ প্ৰকোপ যিদৰে বাঢ়িছে, সেইদৰে ঠাণ্ডাৰ পৰিমাণো কমিছে। অলপতে ৰাষ্ট্ৰ সংঘই জলবায়ু পৰিৱৰ্তন ৰোধৰ যদি ব্যৱস্থা লোৱা নহয় তেন্তে বিশ্ববাসী ভয়ংকৰ দুৰ্ভিক্ষৰ সন্মুখীন হ'ব বুলি সকীয়নি প্ৰদান কৰে। সংস্থাটোৰ মানৱাধিকাৰ পৰিষদৰ মুৰব্বী ভলকাৰ টাৰ্কে জনোৱা মতে দুঃসহ জলবায়ুৱে খেতি, পশুপালন আৰু পাৰিপাৰ্শ্বিকতাত নেতিবাচক প্ৰভাৱ পেলোৱাত বিশ্বজোৰা খাদ্য-সংকটে দেখা দিছে আৰু আগলৈ ই দ্ৰুতগতিত বৃদ্ধি পাব। ২০২১ চনত সমগ্ৰ বিশ্বত ৮২৮ নিযুত লোক খাদ্যাভাৱত ভুগিছিল। জলবায়ু পৰিৱৰ্তনৰ বৰ্তমানৰ হাৰ অব্যাহত থাকিলে চলিত শতিকাৰ মাজভাগতে ৮০ নিযুত লোক দুৰ্ভিক্ষৰ কৱলত পৰিব। সমগ্ৰ উত্তৰ-পশ্চিমে ২০২৫ চনৰ ভিতৰত নিম্ন ভূগর্ভস্থ পানীৰ সংকটৰ সন্মুখীন হ'ব। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু মানৱ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰস্তুত কৰা 'আন্তঃসংযোগ দুর্যোগ বিপদাশংকা প্রতিবেদন ২০২৩' শীর্ষক প্রতিবেদনত এই কথা প্ৰকাশ কৰা হৈছে। ইয়াৰোপৰি শেহতীয়াকৈ আমেৰিকা, নেদাৰেলণ্ড, ব্ৰেটেইন, অষ্ট্ৰেলিয়া, ব্ৰাজিল, জাৰ্মানী আৰু চীনৰ ১২ জন বিজ্ঞানীয়ে 'বায়ুছায়েন্স' পত্ৰিকাত দ্য ২০২৩ ষ্টেট অফ দ্য ক্লাইমেক্স ৰিপ'ৰ্ট: এণ্টাৰিং আনচাৰ্টেড টেৰিটৰী, আমেৰিকাৰ নেছনেল অচেনিক এণ্ড এটম'স্ফেৰিক এডমিনিষ্ট্ৰেছন আদি বিভিন্ন গৱেষণা সংস্থাই অত্যধিক উঞ্চতা বৃদ্ধি পাব বুলি সদৰি কৰিছে বুলি হুছেইনে মন্তব্য কৰে। এই কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে অধ্যাপক ছাবেদুৰ ৰহমানৰ লগতে বিদ্যালয়খনৰ সঞ্চালক ছেলিম মালিকসহ কেইবাজনো শিক্ষক, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

146
1972 views

Comment