logo

পাঠানক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পাছতে অভিনেতা শ্বাহৰুখ খানৰ ফোন মুখ্যমন্ত্ৰীলৈ৷ নিশা ২বজাত মুখ্যমন্ত্ৰী

পাঠানক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পাছতে অভিনেতা শ্বাহৰুখ খানৰ ফোন মুখ্যমন্ত্ৰীলৈ৷ নিশা ২বজাত মুখ্যমন্ত্ৰীলৈ ফোন কৰে অভিনেতাগৰাকীয়ে৷ ফোনযোগে গুৱাহাটী মহানগৰীত পাঠানৰ মুক্তিক লৈ সংঘটিত ঘটনাৰ কথা আলোচনা কৰে শ্বাহৰুখ আৰু মুখ্যমন্ত্ৰীয়ে৷ আইন শৃংখলা বজাই ৰখাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য বুলি শ্বাহৰুখক আশ্বাস দিয়ে বুলি টুইটযোগে এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷

উল্লেখ্য যে, শনিবাৰে জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত মুখ্যমন্ত্ৰীয়ে পাঠান সন্দৰ্ভত এক মন্তব্য কৰিছিল৷ শ্বাহৰুখ খানক চিনি নাপায় আৰু এই ছবিখন সন্দৰ্ভত শ্বাহৰুখে মুখ্যমন্ত্ৰীলৈ কোনো ফোন কৰা নাই বুলিও মন্তব্য কৰিছিল৷ এই মন্তব্যৰ পাছতে নিশা ২বজাত মুখ্যমন্ত্ৰীলৈ শ্বাহৰুখ খানে ফোন কৰে বুলি টুইটযোগে উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷

12
14729 views