নিত্য বৰাৰ বিয়োগত চিপিআই(এম)ৰ শোক আৰু শ্ৰদ্ধাঞ্জলি
২২ এপ্ৰিল, ২০২৬ :: বিশিষ্ট সাংবাদিক, চিন্তাশীল লেখক তথা 'অসমীয়া প্ৰতিদিন' কাকতৰ প্ৰাক্তন সম্পাদক নিত্য বৰাৰ বিয়োগত চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ আৰু প্ৰথিতযশা সাংবাদিক-বুদ্ধিজীৱী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিছে। পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে তেখেতৰ শোকস্তব্ধ পৰিয়াল, আত্মীয়-স্বজন আৰু অগণন গুণমুগ্ধৰ প্ৰতি জ্ঞাপন কৰিছে সমবেদনা। পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে প্ৰকাশ কৰা এটা শোক বিবৃতিত কোৱা হয়, প্ৰগতিশীল আৰু বাঁওপন্থী চিন্তা-চৰ্চাৰে সমৃদ্ধ আছিল নিত্য বৰাৰ জীৱন, কৃতি আৰু কীৰ্তি। স্বাধীন চিন্তাৰ লেখক-বুদ্ধিজীৱী গৰাকীয়ে বাঁও দলসমূহৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছিল।গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ প্ৰমূল্যসমূহক আঁকোৱালি লৈ নিত্য বৰাই সমাজ ৰূপান্তৰৰ বাবে লেখা-মেলা কৰিছিল। অসমৰ সংকট কালত বিভিন্ন সামাজিক-ৰাজনৈতিক বিষয়ত তেখেতে হাতত কলম তুলি বলিষ্ঠ ভূমিকা পালন কৰিছিল। বৰাৰ বিয়োগত অসমৰ বৌদ্ধিক আৰু সাংবাদিক জগতখনৰ অপূৰণীয় ক্ষতি হ'ল বুলি চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে বিবৃতিটোত উল্লেখ কৰে।