logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

বকুল আৰু গকুল

বকুল আৰু গকুল
নহব চাগে অবিকল।
আছে তাত ব্যতিক্ৰম
আছে তাত ব্যৱধান
নহয় তাত সম্বোধন।
বকুলৰ আছে বদনাম
গকুলৰ আছে গৰিমা।
গকুলৰ আছে স্বাভিমান
কৰে তাত ভ্ৰাম্যমাণ।
হয় তাত সকলো উৎফলিত।
কৰে উৎসাহিত
হয় গকুল সফল।
কৰিব লাগিব গকুলে
সৎজনক নিৰুৎসাহিত।
নহ'লে নাপাব
গকুলে গুৰুত্ব।
গকুল হয় ভিতিগ্ৰস্ত
যদি নেপায় গুৰুত্ব
দেখাব নোৱাৰিব বিৰত্ব।
নাথাকিব গকুলৰ মহত্ব
নাথাকিব তাৰ মহিমা।
গকুল হয় বতাহ
আনিব
লাগিব ধুমুহা
কৰিব লাগিব বিধ্বস্ত।
নহ'লে নাথাকিব
তাৰ অস্তিত্ব।
নহ'লে হ'ব গৈ
গকুল অদকাৰী।
নাপাবা সম্মান
নাপাব গুৰুত্ব।
গকুলে নকৰে এনে ক্ৰতি
হবগৈ তাৰ বহু ক্ষতি।
বকুলৰ আছে ব্যাকুলতা
নহ'ব লাগিব বিধ্বস্ত
তাত সৰ্বহাৰাজন।
নহ'লে বকুল হ'ব উত্তেজিত
বগাব পৰ্বত আছে তাৰ ওজন
পৰ্বতৰ প্লেতত উঠিব জোকাৰনি
ঘটিব প্লেট ৰূপান্তৰ
আনিব বকুলে
বৰ ভূমিকম্প।
কৰিব দিব
গগণ চুম্বী
অট্ৰালিকা বিধ্বস্ত।
বকুল মানে নহয় বৰ্বৰ
হ'ব পাৰে জাবৰ।
হ'ব পাৰে যাযাবৰ
নহ'ব কিন্তু পৰাজয়।
কৰিব বকুলে
মানৱতাক জয়
নকৰে কিন্তু ক্ষমা
অন্যায় অবিচাৰক।
নকৰে ক্ষমা
নকৰে নিধন।
কৰিব কেৱল প্ৰচাৰ।
হ'ব তাতে বিচাৰ ।
নাথাকিব বস্ত্ৰ
হ'ব সেইসকল
অবিচাৰক নগ্ন। ছৈয়দ মহচিন।

0
88 views

Comment