logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

নিসংগতা

নিসংগতা আজি
মোৰ বাবে
নহয় বিসংগতি।
নকৰে মোক বিধ্বস্ত
নাথাকিব পাৰে
তাত বহু সমাগম।
নাথাকিব পাৰে
তাত সমনীয়া।
নাথাকিব পাৰে
তাত সমন্ধীয়।
নাথাকে কিন্তু
তাত সমোলোচনা
নাথাকে তাত সংঘৰ্ষ।
নাথাকে তাত সহায়
কৰিব লাগিব
অকলেই সংগ্ৰাম
লৱ অকলেই সান্তনা।
নাথাকে তাত বঞ্চনা
নাথাকে তাত প্ৰবঞ্চনা।
নাথাকে তাত প্ৰবক্তা
সেইয়ে নহবাগৈ
তুমি বিভক্ত।
কৰিব লাগিব সকলোকেই
অকলেই আসক্ত।
কিন্তু কৰিব পাৰিবা
সাগৰ অতিক্ৰম।
নহব তাত ব্যতিক্ৰম
নকৰে তাত কোনেও
তোমাক বিধ্বস্ত।
থাকে তাত বিশ্বাস
নাথাকে তাত অবিশ্বাস।
নাথাকে অভিনয়
নাথাকে অভিযোগ
সেইয়ে নাহে দূৰ্য্যোগ।
নিসংগ মানে হ'ব
পাৰে নিস্তেজ।
নোলাব তাত কিন্তু
মিছা দস্তাবেজ।
নিসংগতাৰ আছে এক
নান্দনিক দৃশ্য।
হয় সেয়া
নৈতিকতাৰ
হিমালয় সদৃশ শৃংগ।
কৰে তাত সকলোৱে ব্যঙ্গ।
হয় যেন নিসংগতাক
উপভোগ কৰা ৰঙ্গমঞ্চ। ছৈয়দ মহচিন।

22
694 views

Comment