logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

নামনি চিলাসুতি গাঁও পঞ্চায়তৰ ৰাইজৰ প্ৰশ্ন : ডিমৌ নদীৰ ওপৰত স্থায়ী দলং কেতিয়া?

অসমৰ ধেমাজি জিলাৰ চিচিবৰগাও সমষ্টিৰ নামনি চিলাসুতি গাঁও পঞ্চায়তৰ ৰাইজৰ ফালৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ কথা আৰু প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ।
ধেমাজি জিলাৰ চিচিবৰগাও সমষ্টি চিলাপথাৰৰ
ডিমৌ নদীৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ এই অঞ্চলৰ বহুদিনীয়া এটা গুৰুত্বপূৰ্ণ সমস্যা। নামনি চিলাসুতি গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰৈবাৰী, শিৱনগৰ, ঘাই শিৱনগৰ, দক্ষিণ শিৱনগৰ, পশ্চিম শিৱনগৰ, পূব শিৱনগৰ, বিষ্ণুনগৰ, দেবেন্দ্ৰ নগৰ, ভৈয়াম বেলগুৰি, কাকুবাৰী, কমলপুৰ, গৌৰাংগপুৰ আৰু কুলি বজাৰ আদি বহু গাঁওৰ ৰাইজে দলং নথকাৰ বাবে দৈনন্দিন যাতায়াতত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে।

ডিমৌ নদীৰ ওপৰত দলং নথকাৰ বাবে এই গাঁওসমূহৰ ৰাইজে প্ৰায় ৩০ কিলোমিটাৰ পথ ঘূৰি চিলাপথাৰলৈ যাবলগা হয়। কিন্তু যদি এখন স্থায়ী দলং নিৰ্মাণ কৰা হয় তেন্তে এই দূৰত্ব মাত্ৰ প্ৰায় ১১ কিলোমিটাৰত সীমাবদ্ধ হ’ব।

এই সমস্যা সমাধানৰ দাবীত অনুষ্ঠিত ধৰ্ণা কাৰ্যসূচীত বহু ৰাইজে অংশগ্ৰহণ কৰে। কিন্তু দুখৰ বিষয় যে এই গুৰুত্বপূৰ্ণ বিষয়ত পঞ্চায়তৰ কোনো প্ৰতিনিধি, বিজেপি দলৰ কোনো ৱাৰ্ড সদস্য অথবা পঞ্চায়তৰ সচিব উপস্থিত নাছিল। লগতে অঞ্চলটোত ১০০ৰো অধিক বিজেপি কৰ্মী থকা স্বত্বেও কোনো স্থানীয় বিজেপি কৰ্মকৰ্তা উপস্থিত নথকাটো ৰাইজে লক্ষ্য কৰিছে।

আমি জানো যে দলং নিৰ্মাণ পঞ্চায়তৰ হাতত নাথাকে। কিন্তু এনে গুৰুত্বপূৰ্ণ বিষয়ত পঞ্চায়ত আৰু স্থানীয় নেতৃত্ব উপস্থিত থাকি ৰাইজক অন্ততঃ সমৰ্থন আৰু আশ্বাস দিব পাৰিলেহেঁতেন।

সেয়ে ৰাইজৰ ফালৰ পৰা কিছুমান প্ৰশ্ন উত্থাপন কৰা হৈছে—

১) ডিমৌ নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে পঞ্চায়তৰ ফালৰ পৰা চৰকাৰক কোনো আবেদন দিয়া হৈছিল নেকি?
২) এই বিষয়টো পঞ্চায়তৰ সভাত আলোচনা কৰা হৈছিল নেকি?
৩) আগলৈ এই সমস্যা সমাধানৰ বাবে পঞ্চায়তৰ কি পদক্ষেপ ল’ব?
৪) আপোনালোকৰ মতে এই অঞ্চলত এখন স্থায়ী দলংৰ প্ৰয়োজন নাই নেকি?
৫) যদি পঞ্চায়তৰ ফালৰ পৰা আগতেই ডিমৌ নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে সক্ৰিয়ভাৱে চেষ্টা বা দাবী উত্থাপন কৰা হৈছিল, তেন্তে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা এই দলং নিৰ্মাণৰ কোনো ব্যৱস্থা কিয় গ্ৰহণ কৰা হোৱা নাই?
৬) যদি আপোনালোকৰ মতে ডিমৌ নদীৰ ওপৰত এখন স্থায়ী দলংৰ প্ৰয়োজন নাই, তেন্তে সেই কথাটো ৰাইজৰ আগত স্পষ্টকৈ প্ৰকাশ কৰা উচিত।

এই বিষয়ত পঞ্চায়ত কৰ্তৃপক্ষৰ স্পষ্ট উত্তৰ ৰাইজে আশা কৰিছে।

ধন্যবাদ।

ৰাস্না মনি গগৈ
সভাপতি
উত্তৰপূব জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া এচোছিয়েশ্যন


--

0
77 views

Comment