logo

ৰমজানৰ মহত্ত্ব আৰু কৰিবলগা কৰ্ম।

মাহে ৰমজানৰ পবিত্ৰ সন্ধি ক্ষণত আমাৰ বুলি নকওঁ মোৰ যিখিনি নৈতিক দায়িত্ব যাক নেকি ইছলামত বাৰম্বাৰ সঁকিয়াই দিছে তেনেধৰণৰ কথা কেইটামান চাওঁ আহক যিবোৰ সদায় ভূল কৰোঁ আনক সৰু বা তুচ্ছ তাচিল্ল কৰিবৰ বাবে এনে কিছুমান আচৰণ কৰোঁ যাৰ বাবে দিনটো লঘুনে ভোকে থাকি বহুতো বেছি গুণাহে অৰ্জন কৰা হয়।ইছলামে ৰোজা ধৰাৰ পৰামৰ্শ দিছে কিন্তু হ'ব নালাগিব জীৱন বিপদাপন্ন।যদি আপুনি জটিল ৰোগত আক্ৰান্ত চিকিৎসকৰ অনুমতি নাই তেনেহলে ৰোজাৰ পৰা নিজকে আঁতৰাই ৰাখক, যদি আপুনি এই কামটো নকৰে তেনেহলে আপুনি গুণাগাৰ হ'ব।কাৰণ আপোনি অসুস্থ হোৱাৰ মাত্ৰকে চিকিৎসালয়ত যাব ফলত আপোনাৰ লগত এজন সহায়কাৰী থাকিব।এই সহায়কাৰীয়ে যদি আপোনাৰ বাবে ৰোজাৰ পৰা বিৰত থাকিব লগা হয়। তেতিয়া আপুনি গুনাগাৰ হ'ব কাৰণ অসুস্থ ব্যক্তিৰ বাবে ৰোজা ফৰজ নহয়। যিহেতু আপুনি over active দেখুৱাল গতিকে action আৰম্ভ হ'ব ।কাৰণ ইছলামত over active গ্ৰহণযোগ্য নহয়।over active মানে over doge গতিকে তাৰ পাৰ্শ্বক্ৰিয়া থাকিব।ৰোজাদাৰ মানে এইটো নহয় আপুনি ৰোজা ধৰি বেলেগক খুব চিঞৰিব জনাব আৰু তাৰ পিছত সুধিব কাৰ কাৰ ৰোজা আছে বা তোমাৰ আছে নাই।আমাৰ সদায় থাকে।মানে ই হ'ল অহংকাৰ গতিকে এনে ৰোজাদাৰ কোনো মহত্ত্ব নাই। তেওঁ ৰোজা কেৱল মানুহক কবৰ বাবে ধৰা হ'ব। বেলেগ একো নাপায় বৰঞ্চ তাৰ মূল্য অহংকাৰ,অতিপালি আৰু অতিৰিক্তৰ বাবে আপোনি আজাব পাব।হয়তো দুদিন দেৰি হ'ব বা মৃত্যুৰ পাছত হ'ব।ৰোজা তৰাবি কোৰান এই বিলাকৰ ব্যাখ্যা দিবৰ মৌলনা মুক্তি কাৰি সকলো আছে গতিকে উপদেশ গুচি নিন্দা পৰ্য্যায় লৈ নাযায় কাৰণ ইছলামত নিন্দা গ্ৰহণযোগ্য নহয় ।আপুনি এনেই চিঞৰ বাখৰ কৰি নিজৰ পবিত্ৰতা জাহিৰ কৰি আনৰ ওপৰত পৰাক্ৰম দেখুৱাটো ইছলামৰ অংগ নহয়। আপুনি ঘৰত বহি ৰোজা ৰখা বা সমালোচনা কৰা আনহাতে বনুৱাৰ যি শ্ৰম সেইয়া একে নহয়।গতিকে অধিক শ্ৰম কৰা বনুৱাই মোৰ অনুৰোধ ৰোজা নৰখাই ভাল।কাৰণ তেনে বনুৱাই ৰোজা ৰাখি নিজৰ দায়িত্ব পালন নকৰি ঘৰত অশান্তি চপাই লোৱা বা গালি গালাজ কৰা বা বেমাৰত আক্ৰান্ত হোৱাৰ ফলত শিশুৰ মুখত ভাত নপৰে তেনেকৈ ৰোজা ধৰাৰ প্ৰয়োজন নাই কাৰণ ইছলামত শান্তি সৰ্বোচ্চ মৰ্য্যদা দিয়া হৈছে গতিকে তাৰ পিছত বাকীবোৰ আহে। অসুস্থ আৰু অত্যাধিক চাপ মানে একাংশই ক'ব বিচাৰে তেওঁৰ পাপৰ ফল, প্ৰকৃততে সেইটো নহয় কাৰণ সকলোবোৰ মৌলানাই মিছা নকয় কাৰণ সকলো মৌলানা এটাই মন্তব্য যাক আল্লাই ভাল পায় যি পবিত্ৰ আৰু যি ধৈৰ্য্যশীল তাৰ জীৱনলৈ বেলাই মুচিবত লৈ আনে।আপোনাৰ নামৰ সৈতে চিন্তা ধাৰা সুক্ষ্ম বা গৌণ হ'ব পাৰে কিন্তু সকলো একে নহয়। কেতিয়াবা উপলদ্ধি কৰিবলৈ চেষ্টা কৰিব আপোনাৰ বিপদ আপোনাৰ অসুখ আপোনাৰ সম্মানত আঘাত হ'লে বা ন্যায়বিচার পরা বঞ্চিত হলে কেনে লাগে কারণ সকলো একে। ইফতাৰ বা চেহেৰি খাদ্য উপহাৰ ইয়াত নাম ধৰি অমুক ৰোজা দাৰলৈ দিছোঁ নকব।ইয়াৰ ফলত ৰোজা নধৰাজনক অপমান বা অসভ্যালি কৰিছে।এখন ঘৰ যিহেতু সকলোৱে সাজিব পাৰিছে গতিকে প্লেটখন ক'ত প্ৰয়োজন নিশ্চয় জানিব।আপোনাৰ প্লেট উপহাৰ দিয়াৰ উদ্দেশ্য বেলেগ হ'ব পাৰে কাৰণ আপোনাৰ পক্ষত ৰাখিব বিচাৰিছে। যিহেতু এই ট্রেণ্ডটো বজাৰত ফেন্ডৰ মাজত নতুন বেণ্ড হিচাপে খুভেই জনপ্ৰিয় হৈ পৰিছে। কোনটো বেণ্ড আপুনি ব্যৱহাৰ কৰিব সেইটো আপোনাৰ কথা। কিন্তু সততা অহংকাৰ মুক্ত জীৱন সহনশীলতা পৰোপকাৰ ন্যায় এইবোৰ বেণ্ডহে ইছলাম স্বীকৃতি প্ৰাপ্ত। আপোনাক য'ত ইছলামে শব্দ উচ্ছ স্তৰত ক'বলৈ নিৰ্দেশ দিছিল তাত আপুনি সকলো জানি বুজি নিৰৱ থাকে গতি এতিয়া আপোনাৰ অধিক সতৰ্কতাক আমি সহজ ভাৱে নলওঁ এইয়া চাজিচ বুলি ধৰি লওঁ। এইবোৰ লিখাৰ মোৰ অকণমানো হেঁপাহ নাছিল কিন্তু যেতিয়া বস্তবোৰ দিনক দিনে অধিক ভয়ংকৰ হৈ পৰিছে আমাৰ সমাজত গতিকে লিখিবলৈ বাধ্য হ'লো। ছৈয়দ মহচিন।

30
952 views