logo

অধিকাৰ।

অধিকাৰ ।
বিচাৰি যোৱা যদি অধিকাৰ
লাগে যদি অধিকাৰ
নকৰিবা কতো
অনাধিকাৰ প্ৰবেশ।
কৰিবা অধ্যয়ন
কৰিবা অনুশীলন।
হ'বলৈ নিদিবা
বিবেকক ব্যৱসায়লৈ ৰূপান্তৰ।
ৰূপান্তৰে সলাই ৰূপ।
হয় কেতিয়াবা ফৰকাল
আহে কেতিয়াবা আহুকাল।
হৈ যায় কেতিয়াবা জীৱন বিকল
নহয় সি অনুকূল
হৈ গৈ জীৱন প্ৰতিকুল।
অধিকাৰ থাকে প্ৰতিবাদ
হয় সেইয়া সাম্যবাদ ।
থাকিব লাগিব সমতা
নহয় কিন্তু সেইয়া প্ৰতিশোধ।
যদি কৰা অনুভৱ হ'বগৈ
সেইয়া অহংকাৰবোধ।
হবগৈ বহুতৰ বাবে দূৰ্ভাগ্যবোধ।
হ'ব পাৰে বহুতৰ জীৱন দূৰ্ভীক্ষ।
পাক্ৰচক্ৰৰ কালক্ৰমত
তোমাৰ জীৱন হবগৈ দূৰ্বল।
নাথাকিব তোমাৰ সম্বল।
নাথাকিব তোমাৰ সম্মান।
অধিকাৰত থাকে কৰ্তব্য
নহয় কেৱল সেইয়া মন্তব্য।
অধিকাৰ নিব লাগিব
তোমাক দৰিদ্ৰ আৰু
আৰ্তজনৰ কাষত।
তেতিয়াহে অধিকাৰৰ
থাকিব অম্বেষণ।
অধিকাৰ নহয়
কেৱল আয়োজন ।
অধিকাৰত থাকে প্ৰয়োজন।
পাব লাগিব
জনতাই প্ৰাথমিক সুবিধা।
হ'ব লাগিব
সেইয়া সকলোৱে বাবে সূচল।
নহ'লে অধিকাৰ
হ'বগৈ অতি ৰঞ্জিত।
হ'ব তাত বহু বঞ্চিত। ছৈয়দ মহচিন।

21
694 views