logo

অসৎ।

অসৎ ।
অসৎ লাগে তোক বৃহৎ।
নাপালে
লাগে তোৰ হৃদয়ত আঘাত।
হয় তই মহৎ
আছে তোৰ বহু মামলা
বিচাৰিছে তোক
মহামান্য আদালতে।
নামানিবি তই আদালতৰ নিৰ্দেশ।
নকৰিবি আদালতক সম্মান
পাবি কিন্তু সকলোতকৈ
আগত সম্মান।
নকৰিবি সৃষ্টি
দিবি তই জ্ঞানৰ বৃষ্টি ।
কৰবি কৰমৰ্দন লৱি কাম।
পাব সকলোৱে কেৱল অপমান।
নাই তোৰ ক্ষমা
কৰ তই ভিক্ষা।
হলি গৈ বৃহৎ পূজিপতি।
আছে বহুতৰ শিক্ষা নকৰে
তোৰ দৰে
কোনেও ভিক্ষা।
ব্যৱসায় নামত কৰ
তই আনক বিধ্বস্ত
নহওঁ আমি আশ্বস্ত।
নকৰোঁ তোক আজিও পছন্দ।
হয় তই অসৎ
কৰিম কিয় সম্মান।
কৰিছ অত্যাচাৰ
চলাই যাবি ব্যভিচাৰ
নাই তোৰ সদাচাৰ।
নাম তোৰ অসৎ
আছে ঈশ্বৰ হ'ব তোৰ পতন
নাপাবি মানৱৰ অভিবাদন। ছৈয়দ মহচিন।

13
137 views