logo

ঠিকাদাৰ।

ঠিকাদাৰ।
ঠিকাদাৰ আছে
জানো তোমাৰ ঠিকনা।
নকৰিবা তুমি অনাধিকাৰ প্ৰবেশ।
প্ৰতিপত্তি প্ৰভাৱ প্ৰভুত্ব
য'তেই দেখা পোৱা মাৰা
তুমি তালৈ কিয় লৰ।
আছে সপোন ৰাখিছা পুহি মনত
সজাম পইচাৰ পুথিভৰাঁল ।
পইচাৰ পুথিভঁৰালত
নাথাকে তাত প্ৰজ্ঞা।
নকৰে কোনেও
তোমাক আজিৱন চৰ্চা।
চমৎকাৰ চঞ্চলতাত চৌদিশে
আজি বাজিছে তোমাৰ
জয় জয় ময় ময় শংক ধ্বনি।
নহয় তোমাৰ
সেইয়া আজিৱন জয়
নকৰিবা তুমি তাক পৰাজয়।
আছে তাৰ পাৰদৰ্শিতা
দেখাব পৰাক্ৰম হ'ব তাৰ এদিন প্ৰভূত্ব।
আহিব পোহৰ আঁতৰিব আন্ধাৰ
নাথাকিব অন্যায়,
নাথাকিব তাত পাবলুতি।
হ'ব সকলোতে উভয় নদী।
ঠগ প্ৰবঞ্চনাৰ সম্ৰাট
নাথাকে সদায়।
নাম যাৰ শনি হয়
তাৰ বিষম পৰিণতি।
হয় সি ঠিকাদাৰ।কৰে দিগদাৰ।
নাথাকিব চিৰকাল।
নাথাকিব নাপাব এদিন ক'তো
কতো আদৰ হ'ব সি পৰাভূত।
আৰম্ভ হ'ব হ'ব নতুন প্ৰভাত। ছৈয়দ মহচিন।

8
713 views