logo

আৰক্ষী

আৰক্ষী
মই এজন
আৰক্ষী বিষয়া হ'বলৈ
নিদিওঁ কাকো আমনি।
নৈতিকতা সাহসিকতা
সত্যতা মোৰ ধৰ্ম।
নিদিম অন্যায়
কৰিম প্ৰতিৰোধ
পাব লাগিব
সকলোৱে ন্যায়।
নাথাকিব দানৱ
নাথাকিব ৰাৱন
কৰিম মই খতম।
মিমাংসা মোৰ প্ৰথম স্বত্ব
বিবাদ মানে নহয় বিছিন্ন
হয় সি সকলোতে বিৰাজমান।
নকৰিম নতশিৰ
নৰপিশাচৰ সৈতে।
নালাগে মোৰ জীৱন
পাব লাগিব জনতাই জাষ্টিচ।
চৰ চাতৰি নহয় মোৰ কৰ্তব্য
আছোঁ মই দেশক
সুৰক্ষাৰ দায়িত্বত।
নাম মোৰ আৰক্ষী বিষয়া। ছৈয়দ মহচিন।

47
1055 views