ইৰাণ।
ইৰাণত
আজি জ্বলিছে জুই
ঘটিছে তাত অঘটন।
আছে তাত উৎপাদন
নহয় তাত উৎঘাটন।
নেতাই নামানে
লাগে কেৱল ক্ষমতা।
নেতা নাই সক্ষমতা।
মাৰে দাম্ভিকতা
আহে সকলোতে ব্যৰ্থতা।
তাতো নেতাৰ নাই জাগ্ৰত চিন্তা
ইফালে অৰ্থনীতি কৰিছে গতি
হৈছে মন্দা। ডলাৰ দিছে জাপ
মানুহে কৰিছে বিদ্ৰোহ
নোৱাৰে সহিব ধৰ্মৰ
নামত ধাণ্ডা কৰিম আমি
আলিক ঠাণ্ডা।
আলি হৈছে অতিপালি
ইৰাণত লাগিছে খেলিমেলি।
কৰিছে জনতাই বিদ্ৰোহ
চলাইছে দেশ যুৰি ধ্বংসযজ্ঞ।
জনতাৰ কণ্ঠত বাজিছে ধ্বনি।
হ'ব ইৰাণ গোড়া মুক্ত
নাথাকিব মোল্লাৰ মাতলামি।
মাতলামিক দিম আমি উত্তৰ
আঁতৰিব বেমেজালি।
নাথাকিব সংঘাত হ'ব সহযোগ।
গঢ়িম আমি নতুন ইৰাণ।
নাথাকিব তাত
ধৰ্মৰ উম্মাদনা বা বিৰাম্বনা ।
ছৈয়দ মহচিন।