logo

হোজাই জিলাৰ বৰবহা গাওঁৰ চাহ ইনষ্টিটিউচনৰ স্থানান্তৰ

শংকৰদেৱ নগৰ, ২২ এপ্ৰিল, ২০২৪

২০২০ চনৰ পৰা হোজাই জিলাৰ বৰবহা গাঁৱত চলি থকা চাহ ইনষ্টিটিউচনখন বৰবহাৰ পৰা আজি জিলা ন্যায়িক আদালতৰ সমীপৰ শংকৰ দেৱ নগৰলৈ স্থানান্তৰিত কৰা হয় ।

বৰবহাত কম্পিউটাৰৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অতি কম হোৱাৰ বাবে প্ৰতিষ্ঠানটোৱে লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। ভালদৰে চলিব নোৱাৰাৰ বাবে বৰবহাৰ পৰা শংকৰ দেৱ নগৰলৈ স্থানান্তৰিত কৰে । আৰু আজিৰ প্ৰযুক্তিগত যুগত কম্পিউটাৰৰ জ্ঞান অতি প্ৰয়োজনীয়। ছাত্ৰ-ছাত্ৰীক জীৱনত সহায় কৰাৰ লগতে তেওঁলোকৰ দক্ষতা বিকাশৰ বাবে বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানত কম্পিউটাৰ শিক্ষা বাধ্যতামূলক কৰা হৈছে। এই কেন্দ্ৰত ১৫ দিন, ৩ মাহ, ৬ মাহ আৰু ১ বছৰৰ কম্পিউটাৰ পাঠ্যক্ৰম অনুষ্ঠিত কৰা হয়। এটা বেটচত ১৫ৰ পৰা ২০টা ছাত্ৰ-ছাত্ৰী থাকিব আৰু প্ৰতিটো বেটচ এঘণ্টা ধৰি চলিব। এদিনত ৫টা বেচৰ পাঠ্যক্ৰম চলিব। আৰু প্ৰশিক্ষণ লাভ কৰা প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব। এই উপলক্ষে সাহ প্ৰতিষ্ঠানৰ কেন্দ্ৰ সঞ্চালক কপিল দেৱ সাহ আৰু স্থানীয় গাঁওখনৰ ৰাইজ আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। লগতে কেন্দ্ৰৰ সঞ্চালকে কয় যে আজিৰ সময়ত শিক্ষাৰ সমান্তৰালকৈ কম্পিউটাৰ শিক্ষাও অতি গুৰুত্বপূৰ্ণ। কম্পিউটাৰৰ প্ৰয়োজনীয়তা আজিৰ দিনত অতি লাগতিয়াল। আৰু ইয়াৰ অবিহনে জীৱনটো কল্পনা কৰিব নোৱাৰো। ইতিমধ্যে উক্ত চাহ ইনষ্টিটিউচনখন সফলতাৰে চলি আছে ।

15
3548 views