logo

মৰাণত ২১৮ সংখ্যক জোনাকী মেল সম্পন্ন

মৰাণ ১৯ অক্টোবৰ ঃ " এটা ভাষা ধ্ৰুপদী বা শাস্ত্ৰীয় ভাষা হ'বলৈ হলে ভাষাটোৰ নিজস্ব বৈয়াকৰণিক নিয়ন্ত্ৰণ বা প্ৰাচীনতা থাকিব লাগিব । ইয়াৰ বিপৰীতে এটা কৃত্ৰিম ভাষাৰ সকলো গুণ থাকিলেও প্ৰাচীনতা নাথাকে " । যোৱা ১৮ অক্টোবৰত মৰাণত অনুষ্ঠিত মাহেকীয়া সাহিত্য চৰ্চাৰ অনুষ্ঠান জোনাকী মেলত সাহিত্যিক পেঞ্চনাৰ , মৰাণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ লোহিত কুমাৰ বৰাই এনেদৰে কয় । " অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা আৰু আমাৰ কৰণীয় " বিষয়টোৰ ওপৰত আলোচনা আগবঢ়ায় ডাঃ বৰাই লগতে কয় যে আমাৰ অসম তথা অসমীয়া মানুহৰ কাৰণে এইটো অতি সুখৰ বিষয় । কাৰণ এতিয়া আমাৰ অসমীয়া ভাষাই সাৰ্বজনীন স্বীকৃতি লাভ কৰিলে । এই স্বীকৃতিয়ে অসমীয়া ভাষাক ৰক্ষা কৱচ প্ৰদান কৰিলে । এই স্বীকৃতিৰ ফলত আমি আন্তৰ্জাতিক বঁটা , বিশ্ববিদ্যালয়ত আসনকে ধৰি বহু সুবিধা পাবলৈ সক্ষম হম । একেটা বিষয়ৰ ওপৰত আলোচনা আগবঢ়ায় বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ ড° স্বপন কুমাৰ চুতীয়াই কয় যে আইৰ মুখৰ ভাষা আমাৰ মাতৃভাষা , আমাৰ মাতৃভাষা হৈছে অসমীয়া । অসমীয়া ভাষাই দ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাটো আমাৰ যুগৰ সকলোৰে পৰম গৌৰৱময় প্ৰাপ্তি । এতিয়া আমি আমাৰ ভাষাটো চৰ্চা আৰু ব্যৱহাৰ ঘৰখনৰ পৰাই সচেতনতাৰ নীৰৱ আন্দোলন আগবঢ়াই নিব লাগিব । এই সন্দৰ্ভত মৰাণ নাগৰিক সমাজৰ সভাপতি মনমোহন চিক , অৱসৰ প্ৰাপ্ত শিক্ষক সত্যনাথ শৰ্মা , অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী দীপালী চুতীয়া ফুকন, ৰাণু গগৈ , ৰশ্মিৰেখা গগৈ আৰু অৰুণিমা দাসে বক্তব্য প্ৰদান কৰে । উল্লেখ্য যে বৃহত্তৰ মৰাণ অঞ্চলত ২০০৬ চনত প্ৰতিষ্ঠা হোৱা সাহিত্য চৰ্চাৰ অনুষ্ঠান জোনাকী মেলৰ ২১৮ সংখ্যক বৈঠক খন যোৱা ১৮ অক্টোবৰৰ সন্ধিয়া মৰাণৰ মহিলা সংগঠন ' সন্মিলিত মহিলা মঞ্চ 'ৰ উদ্যোগত মৰাণ উষাপুৰ নিবাসী বিৰাজ গগৈ আৰু ভানু লাহন গগৈৰ বাসগৃহৰ চৌহদত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । মৰাণ মহাবিদ্যালয় অধ্যাপক নবীন গগৈয়ে বৰমেলুৱৈ কৰা বৈঠক খনৰ আঁত ধৰা লগতে উদ্দেশ্য ব্যাখ্যা কৰে জোনাকী মেলৰ মুখ্য উদ্যোক্তা , জ্যেষ্ঠ সাংবাদিক বাছা বৰাই । জোনাকী মেলৰ গীতেৰে আৰম্ভ কৰা বৈঠক খনত আদৰণি ভাষণ আগবঢ়ায় ভানু লাহন গগৈয়ে । কনমানি কুৰ্নিছ ভৰদ্বাজ পুৰী , অজিতা কলিতা , অনুজিতা কলিতা , জীয়ানা বৰগোহাঁই আৰু নবিয়া কোঁৱৰৰ উপৰি শিক্ষয়িত্ৰী চুমী বৰুৱা , জ্যোতি দেউৰী , তিলোত্তমা গগৈ, সন্মিলিত মহিলা মঞ্চৰ দেৱযানী সন্দিকৈ , বিজয়া শইকীয়া , পদ্মিনী লাহন , সন্ধ্যাৰাণী ফুকন , চুমী ফুকন , মালবিকা ফুকন , চন্দনা গগৈ , জ্যোৎস্না লাহনে গীত পৰিৱেশন কৰি বৈঠক খনৰ সৌষ্ঠৱ বৃদ্ধি কৰে । কবিতা পাঠ কৰে উৰ্মিমালা আৰন্ধৰা , যোগেন্দ্ৰ কুমাৰ সিং , অঞ্জু দত্তই । চাৰি কুৰিৰো অধিক সংখ্যক ৰাইজ সমবেত হোৱা বৈঠক খনৰ শেষত বাছা বৰাই শলাগৰ শৰাই আগবঢ়োৱা পাচতে জাতীয় সংগীত পৰিৱেষণেৰে কাৰ্যসূচী সামৰণি মৰা হয় ।

64
3505 views